নিউজ ডেস্ক: ভাৰতৰ এখন বিশেষ মানচিত্ৰক কেন্দ্ৰ কৰি দেশজুৰি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মানচিত্ৰখনত কাশ্মীৰৰ কিছু অংশক ‘আজাদ কাশ্মীৰ’ আৰু ‘আজাদ চিন’ হিচাপে দেখুওৱা হৈছে।

ইপিনে, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা মানচিত্ৰখনক লৈ বাইজু (Byju) নামৰ বেংগালুৰস্থিত এটা বহুজাতিক শিক্ষা প্ৰযুক্তি কোম্পানীৰ নাম সাঙুৰ খাই পৰাৰ পিছতে প্ৰতিষ্ঠানটোৱে স্পষ্টিকৰণ প্ৰকাশ কৰিছে।

উক্ত মানচিত্ৰখনৰ সৈতে প্ৰতিষ্ঠানটো কোনোধৰণে জড়িত নহয় বুলি স্পষ্টিকৰণ প্ৰকাশ কৰি এই কোম্পানীটোৱে বিষয়টোৰ উচিত তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ দাবীত সংশ্লিষ্ট কৰ্তৃপক্ষৰ কাষ চাপিব বুলি সদৰী কৰে।  

Byju-ৰ নাম আৰু ল’গ’ সংলগ্ন মানচিত্ৰখন দেওবাৰে Gems of Books (@GemsofBooks) নাম এটা টুইটাৰ হেণ্ডলে শ্বেয়াৰ কৰাৰ পিছতে কোম্পানীটোয়ে এক বিবৃতিৰ জৰিয়তে ইয়াৰ সৈতে তেওঁলোক কোনো প্ৰকাৰে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়াৰ লগতে এইয়া ভূৱা বুলি কয়।

“আমাৰ সকলো সামগ্ৰীত ৱাটাৰমাৰ্ক লগোৱা থাকে, তদুপৰি আমাৰ ল’গ’টো ভূল ধৰণে ব্যৱহাৰ কৰা হৈছে, ল’গ’ৰ তলত আমি কেতিয়াও ৰেখাংকন ব্যৱহাৰ নকৰোঁ,” বিবৃতিটোত কোৱা হয়।

মানচিত্ৰখন ‘ষ্টুডেন্টছ নোটছ’ আৰু Byju-ৰ পৰীক্ষা পত্ৰৰ সৈতে সাঙুৰা হৈছে, অৱশ্যে কোম্পানীটোৱে ইয়াক পোনচাতেই অস্বীকাৰ কৰিছে।  

Indian Express-ত প্ৰকাশিত এক বাতৰিত কোম্পানীটোৰ এজন মুখপাত্ৰৰ উদ্ধৃতি দি কয়, “এইয়া আমি বিতৰণ কৰা কোনো সামগ্ৰীৰ অংশ নহয়। আমাৰ পাঠ্যক্ৰম তথা সকলো সামগ্ৰী ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন মান্যতা বোৰ্ডৰ নিয়মৰ প্ৰতি দৃষ্টি ৰাখি প্ৰস্তুত কৰা হয় আৰু এইক্ষেত্ৰত সৰ্বোচ্চ মানদণ্ডৰ প্ৰতি ধ্যান ৰখা হয়। পৰৱৰ্তী অনুসন্ধান আৰু পদক্ষেপৰ বাবে আমি সংশ্লিষ্ট কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিম।“

লগতে পঢ়ক – নাগালেণ্ডৰ বিশিষ্ট কবি, লেখক টেমচুলা আওৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply