নিউজ ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজত ভাৰতীয় বায়ু সেনা বাহিনীয়ে চি-১৭ বিমানযোগে ভাৰতীয় নাগৰিকক উদ্ধাৰ অভিযানৰ বাবে ইউক্ৰেইনৰ সমীপৰ দেশসমূহত অভিযান চলাই আছে।
বায়ু সেনাৰ ভাইচ চীফ এয়াৰ মাৰ্শ্বেল সন্দীপ সিঙে কয় যে- বিমানসমূহ ২৪ ঘন্টাই ব্যৱহাৰ কৰা হ’ব। এই বিমান কেইখনৰ জৰিয়তে খাদ্য আৰু আনবোৰ আৱশ্যকীয় সামগ্ৰীও প্ৰেৰণ কৰা হ’ব।
তেওঁ লগতে জনাই যে, এখন চি-১৭ বিমান এদিনত চাৰিবাৰকৈ উৰা মাৰিব পৰা ক্ষমতা আছে। আৰু একোখনকৈ বিমানে ২০০ৰো অধিক এবাৰতে কঢ়িয়াই নিব পাৰে। ভাৰতীয় বায়ু সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ইউক্ৰেইনৰ পৰা বৰ্তমানলৈ ১২ হাজাৰ ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনাৰ কথাও সদৰি কৰিছে।