নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰ সকলৰ বাবে এক ভাল খবৰ। কেন্দ্ৰীয় কেবিনেটে ৭ম দৰমহা আয়োগৰ আধাৰত দৰমহা আৰু পেঞ্চন লাভ কৰা কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলক ডিএ অৰ্থাৎ ডিয়েৰনেচ এলাৱেন্স আৰু ডিআৰ অৰ্থাৎ ডিয়েৰনেচ ৰিলিফ তিনি শতাংশকৈ বৃদ্ধি কৰিছে।

এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলে এতিয়াৰে পৰা ডিএ ৩১ শতাংশৰ বিপৰীতে ৩৪ শতাংশ লাভ কৰিব। প্ৰায় প্ৰতিদিনাই দেশত হোৱা মূল্যবৃদ্ধিৰ মাজতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ বাবে এক সকাহ।

সেই অনুসৰি, ১৮ হাজাৰ দৰমহাত ডিএ ৫৪০ টকা বৃদ্ধি পাব আৰু ২৫ হাজাৰত ৭৫০ টকা ডিএ প্ৰতিমাহে বৃদ্ধি পাব। উল্লেখযোগ্য যে, অহা ১ জানুৱাৰী, ২০২২ৰ পৰা এই নিয়ম কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। নিয়মানুসৰি, কৰ্মচাৰী তথা পেঞ্চনাৰসকলে জানুৱাৰীৰ পৰা এই নিয়ম বলবৎ হোৱা সময়লৈকে বকায়াও লাভ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply