নিউজ ডেস্ক: চুক্তি সাপেক্ষে নতুন দিল্লীত ইউপিইউৰ মাণ্ডলিক কাৰ্যালয় স্থাপনত অনুমোদন দিয়ে কেবিনেটে। প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ইউনিভাৰ্ছেল পোষ্টেল ইউনিয়ন চমুকৈ ইউপিইউৰ সৈতে এক চুক্তি অনুসৰি অঞ্চলটোত উন্নয়নমূলক সহযোগিতা আৰু প্ৰযুক্তিগত কাৰ্য চলাবলৈ নতুন দিল্লীত ইউপিইউৰ এটা মাণ্ডলিক কাৰ্যালয় স্থাপন কৰিবলৈ অনুমোদন জনায়।

এই অনুমোদনে দক্ষিণ-দক্ষিণ আৰু তিনিকোণীয়া সহযোগিতাত গুৰুত্বসহকাৰে ডাক খণ্ডত বহুমাত্ৰিক সংস্থাত ভাৰতক সক্ৰিয় ভূমিকা পালন কৰিবলৈ সক্ষম হ’ব। ইউপিইউৰ মাণ্ডলিক কাৰ্যালয়ৰ বাবে ভাৰতে এজন ক্ষেত্ৰ প্ৰকল্প বিশেষজ্ঞ, ষ্টাফ আৰু অফিচ ছেট আপ প্ৰদান কৰিব।

সক্ষমতা নিৰ্মাণ আৰু প্ৰশিক্ষণ, দক্ষতা উন্নীতকৰণ আৰু ডাক সেৱাৰ মান, ডাক প্ৰযুক্তিৰ বৃদ্ধি, ই-কমাৰ্চ আৰু বাণিজ্য বৃদ্ধি ইত্যাদি সন্দৰ্ভত এই অঞ্চলৰ বাবে প্ৰজেক্ট ইউপিইউৰ সহযোগত এই কাৰ্যালয়ে প্ৰস্তুত আৰু ৰূপায়ন কৰিব।

এই তৎপৰতাই অন্য দেশৰ সৈতে ভাৰতৰ কূটনৈতিক পদচিহ্ন সম্প্ৰসাৰণ আৰু সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰিব। বিশেষকৈ এছিয়া-পেচিফিক অঞ্চলত আৰু বিশ্ব পোষ্টেল মঞ্চসমূহত ভাৰতৰ উপস্থিতি সম্প্ৰসাৰিত কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply