নিউজ ডেস্কঃ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন পিছতে সংঘটিত হোৱা ব্যাপক হিংসাত্মক ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ে উক্ত হিংসাত্মক কাৰ্য্য, হত্যা, ধৰ্ষণ আদি গোচৰৰ বাবে চিবিআইক তদন্তৰ নিৰ্দেশ দিছে।
কলিকতা উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দালৰ নেতৃত্বত এখন পাঁচ জনীয়া বিচাৰমণ্ডলীয়ে বিষয়টোৰ সন্দৰ্ভত ৰায় দিয়ে আৰু অন্যান্য অপৰাধৰ তদন্তৰ বাবে পশ্চিমবংগ কেডাৰৰ সঞ্চালক প্ৰধান ৰেংকৰ সুমন বালা ছাহুৰ নেতৃত্বত সৌমেন মিত্ৰ আৰু ৰনভিৰ কুমাৰক লৈ এটা বিশেষ তদন্তকাৰী দল (এছআইটি) গঠন কৰে। তদন্তকাৰী দলটোৱে উক্ত গোচৰৰ ওপৰত উচ্চ ন্যায়ালয়ত ৬ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব আৰু উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ দ্বাৰা গোচৰটো সন্দৰ্ভত নিৰীক্ষণ কৰা হ’ব।
লগতে পঢ়কঃভাৰতত প্ৰদান কৰা অধিকাংশ কোভিশ্বিল্ড ভেকচিনেই ভুৱা
উল্লেখ্য যে, উচ্চ ন্যায়ালয়ৰ বিচাৰমণ্ডলীয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) অধ্যক্ষক “নিৰ্বাচনৰ পিছত সংঘটিত হোৱা হিংসা”ৰ সময়ত মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ তদন্ত কৰিবৰ বাবে এখন তদন্তকাৰী সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল। উক্ত তদন্তকাৰী কমিটিৰ প্ৰতিবেদনত মমতা বেনাৰ্জীৰ চৰকাৰখনক দোষাৰোপ কৰিছিল আৰু ধৰ্ষণ আৰু হত্যাৰ দৰে গুৰুতৰ অপৰাধৰ তদন্ত চিবিআইক হস্তান্তৰ কৰাৰ পৰামৰ্শ দিছিল। উক্ত সময়চোৱাত ৰাজ্যখনত হোৱা ২০ টা হত্যাৰ গোচৰ, ১৩ টাকৈ গেং ৰেপৰ দৰে ঘটনা সংঘটিত হৈছিল |