নিউজ ডেস্ক : ধৰ্ষণৰ অভিযোগত অভিযুক্ত মেঘালয়ৰ তুৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা নেচনেল পিপ’লচ পাৰ্টীৰ নেতা টমাছ এ চাংমাক বিধানসভাৰ সকলো কমিটিৰ পৰা শীঘ্ৰে অপসাৰণ কৰিবলৈ দাবী উত্থাপন হৈছে।
উল্লেখযোগ্যযে শাসকীয় দলৰ বিধায়ক গৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনি এগৰাকী মহিলাই মঙলবাৰে শ্বিলং পুলিচৰ ওচৰত অভিযোগ দাখিল কৰিছিল।
লগতে পঢ়ক : লকডাউন ২০২০ : ৰে’লৱে লাইনত প্ৰাণ হেৰুৱাইছে প্ৰায় ৯০০০ প্ৰব্ৰজিত শ্ৰমিকে
মহিলা গৰাকীয়ে অভিযোগ অনুসৰি বিধায়ক গৰাকীয়ে বিবাহৰ প্ৰতিশ্ৰুতি দি তেওঁৰ লগত ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ ১৭ এপ্ৰিললৈ শাৰিৰীক সম্পৰ্ক ৰক্ষা কৰি গৈছিল।
এই অভিযোগ সম্পৰ্কে বিধায়ক জন তথা শাসকীয় দলটো এতিয়ালেকে নিমাত হৈ আছে।
বিৰোধী কংগ্ৰেছ পাৰ্টীৰ বিধায়ক তথা বিধানসভাৰ মহিলা সবলীকৰণ কমিটিৰ অধ্যক্ষা শ্ৰীমতী এম্পাৰীণ লিংডোৱে আজি এখন পত্ৰৰ যোগেদি বিধানসভাৰ অধ্যক্ষৰ ওচৰত ধৰ্ষণৰ গোচৰত অভিযুক্ত বিধায়ক গৰাকীক গোচৰটোৰ তদন্ত চলি থকাৰ সময়ছোৱাত তথা আদালতে ৰায় নিদিয়া পৰ্য্যন্ত বিধানসভাৰ সকলো কমিটিৰ পৰা শীঘ্ৰে অপসাৰণ কৰিবলৈ দাবী জনায়।