নিউজ ডেস্কঃ লাখ লাখ পৰিয়ালে নিজৰ আত্মীয়ক কৰ্কট ৰোগৰ বাবে হেৰুৱাবলগীয়া হয়। ই অতি দুখজনক। কিন্তু তাৰ মাজতে কৰ্কট ৰোগীৰ ওপৰত হোৱা ঔষধৰ ট্ৰায়েল অৰ্থাৎ পৰীক্ষণে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ এই পৰীক্ষণত ১৮ গৰাকী কৰ্কট ৰোগত আক্ৰান্ত ৰোগী সম্পূৰ্ণৰূপে কৰ্কট ৰোগমুক্ত হৈছে।

এই পৰীক্ষণ ৰেক্টেল কেঞ্চাৰত আক্ৰান্ত ৰোগীসকলৰ ওপৰত কৰা হৈছে। ৬ মাহ ঔষধ সেৱন লোৱাৰ পাছত ৰোগী কেইগৰাকীৰ শৰীৰ ৰোগমুক্ত হৈ পৰিছে বুলি জানিব পৰা গৈছে। এই ঔষধৰ নাম ডোষ্টাৰলিমাব (Dostarlimab)। এই ঔষধৰ ব্যৱহাৰ এতিয়ালৈকে ব্ৰিটেইনত গৰ্ভাশয়ৰ সৈতে জড়িত কৰ্কট ৰোগৰ ক্ষেত্ৰত কৰি অহা হৈছে।

ইফালে, নিউয়ৰ্কৰ স্লোঅন কেটৰিং কেঞ্চাৰ চেন্টাৰত ক্লিনিকেল পৰীক্ষণত এই ঔষধৰ দ্বাৰা ভাল ফলাফল লাভ কৰা হৈছে। প্ৰায় ৬ মাহৰ বাবে ৰোগীসকলক এই ঔষধ দিয়াৰ পাছত যেতিয়া পুনৰ দেহ পৰীক্ষা কৰা হয় তেতিয়া চিকিৎসক সকল আচৰিত হৈ পৰে, কিয়নো ৰোগী কেইগৰাকীৰ দেহত কোনো ধৰণৰ কৰ্কট ৰোগৰ লক্ষণ নাথাকে। তদুপৰি এণ্ডোস্কোপী কৰাৰ পাছতো তেওঁলোকৰ দেহত ধৰা পৰে কৰ্কট ৰোগ।

উল্লেখযোগ্য যে, ডোষ্টাৰলিমাব নামৰ ঔষধটি বনাইছে মেসাছুচেষ্টৰ টেছাৰো নামৰ এটা কোম্পানীয়ে। আৰু ডোষ্টাৰলিমাবৰ ব্ৰেণ্ড নাম জেমপাৰ্লি। ২০২১চনত এই ঔষধটিক প্ৰথমবাৰৰ বাবে অনুমতি প্ৰদান কৰিছিল আমেৰিকাই। ডোষ্টাৰলিমেবে বিশেষকৈ PD-1 নামৰ কেঞ্চাৰ কোষত থকা এক বিশেষ প্ৰটিনক বাধা দিয়াৰ কাম কৰে। আৰু অৱশেষত এই ঔষধটিয়ে কৰ্কট ৰোগ নিৰাময় কৰে।

আনহাতে, হোৱাইট হাউছ কেঞ্চাৰ এডভাইজৰী বৰ্ডৰ সদস্য ডাঃ লুইছ ডিয়াজে কয়- ”কৰ্কট ৰোগৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হৈছে। মানৱ জীৱন সুৰক্ষিত কৰাৰ বাবে ই এক ডাঙৰ পদক্ষেপ। আমি এই ঔষধৰ দ্বাৰা বাকীবোৰ কৰ্কট ৰোগো নিৰাময় কৰাৰ বাবে চেষ্টা কৰিম।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply