প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্কঃ দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ। ৰাজধানী চহৰ দিল্লীত কৰোণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

মঙলবাৰ দিনটোতে দিল্লীত কভিডত নতুনকৈ আক্ৰান্ত হৈছে ৫১০০জন।

কভিড পৰিস্থিতিৰ ভয়াবহতাৰ মাজতে বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ে জাৰি কৰিলে কঠোৰ নিৰ্দেশনা।

এতিয়াৰে পৰা ব্যক্তিগত বাহনত অকলে গাড়ী চলোৱাৰ সময়তো মাস্ক পৰিধান কৰিব লাগিব ।

ব্যক্তিগত বাহনত অকলে গ’লেও মাস্ক পৰিধান নকৰিলে জৰিমণা ঘোষণা কৰিছিল দিল্লী চৰকাৰে । চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই একাংশই ন্যায়ালয়ত আবেদন কৰিছিল ।

সেইবোৰ আবেদনক খাৰিজ কৰে ন্যায়াধীশ প্ৰতিভা এম সিঙৰ আদালতে । দিল্লী উচ্চ ন্যায়ালয়ৰ মতে মাস্ক কৰ’ণাৰ সময়ত সুৰক্ষা কৱচ হিচাপে আছিল ।

 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply