নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত বাৰামুলা জিলাত চিআৰপিএফৰ কেম্পত মঙলবাৰে নিশা এগৰাকী মহিলাই বোমা নিক্ষেপ কৰা ঘটনা সংঘটিত হৈছে। বুৰ্খা পৰিধান কৰা এগৰাকী মিলাই বোমা নিক্ষেপ কৰা দৃশ্য ইতিমধ্যে কেমেৰাত বন্ধী হৈছে। আৰু বোমা নিক্ষেপ কৰাৰ পাছত উক্ত স্থানৰ পৰা মহিলাগৰাকীয়ে পলায়ন কৰা ভিডিঅ’টোত পৰিলক্ষিত হৈছে।
চিচিটিভি ফুটেজত দেখা গৈছে যে- মহিলাৰ গৰাকীয়ে পথৰ মাজত প্ৰথমে কিছু সময়ৰ বাবে ৰখে আৰু তাৰপাছত নিজৰ মোনাৰ পৰা বোমা উলিয়াই চিআৰপিএফ কেম্পৰ ফালে নিক্ষেপ কৰে। এই সন্দৰ্ভত আৰক্ষীয়ে জনাই যে- বোমাটো চিআৰপিএফ কেম্পৰ বাহিৰতে পৰি যায়।
লগতে আৰক্ষীয়ে কয় যে- কেম্পৰ ভিতৰত বোমা নিক্ষেপ কৰিবলৈ মহিলা গৰাকী সফল নোহোৱাৰ বাবেই কোনো লোক হতাহত হোৱা নাই। এই ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে মহিলা গৰাকীক কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।