নিউজ ডেস্কঃ দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত দেওবাৰে দিল্লীৰ উপ-মুখ্যমন্ত্রী মনীষ শিশোদিয়াক চি বি আই গ্ৰেপ্তাৰ কৰে। প্ৰথমে ৮ ঘণ্টা চি বি আইৰ কাৰ্যালয়ত জেৰা আৰু তাৰ পিছতেই গ্ৰেপ্তাৰ কৰে শিশোদিয়াক।
বৰ্তমান শিশোদিয়াক চি বি আইৰ কাৰ্যালয়তে ৰখা হৈছে । আজি বিয়লি ২ বজাত চি বি আইৰ আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।
শিশোদিয়াক গ্ৰেপ্তাৰ সন্দৰ্ভত চি বি আইৰ বিষয়াই কয় যে, দিল্লীৰ আবকাৰী নীতি কেলেংকাৰিৰ গোচৰত অভিযোগ থকা শিশোদিয়াই তদন্তত সহযোগিতাও কৰা নাছিল আৰু গুৰুত্বপূৰ্ণ বিষয়ত স্পষ্টীকৰণৰ দিয়াৰ পৰা আঁতৰি আছিল । লগতে, চি বি আইয়ে শিশোদিয়াৰ উত্তৰ সন্তোষজনক নোহোৱাত গ্ৰেপ্তাৰ কৰা হয় বুলি চি বি আই জানিবলৈ দিয়ে।
শিশোদিয়াক জেৰা কৰা বিৰুদ্ধে আপৰ মুঠ ৫০জন নেতা-কৰ্মীয়ে লোধী ৰোডত প্ৰতিবাদ কৰে। প্ৰতিবাদকাৰী সকলৰ ভিতৰত আপৰ সাংসদ সঞ্জয় সিং, ত্ৰিলোক পুৰীৰ বিধায়ক ৰোহিত কুমাৰ মেহৰৌল্লা, সংগম বিহাৰৰ বিধায়ক দীনেশ মোহনীয়া, কোণ্ডলীৰ বিধায়ক কুলদীপ সিং, ৰোহতাশ নগৰৰ প্রাক্তন বিধায়ক সৰিতা সিং আৰু আপৰ মন্ত্ৰী গোপাল ৰায়ও আছিল। আৰক্ষীৰ বেষ্টনী ভাঙি আগবাঢ়িবলৈ চেষ্টা কৰা ফলত পিছত সকলোকে আৰক্ষীয়ে আটক কৰে।
শিশোদিয়াক চি বি আয়ে গ্ৰেপ্তাৰ কৰাক আপৰ নেতা, কৰ্মী সকলে কয় যে, ‘গণতন্ত্ৰৰ বাবে ই ক’লা দিৱস।’
ইফালে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শিশোদিয়াৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কয় যে, ই হৈছে চি বি আইৰ লেতেৰা ৰাজনীতি । মনীষ শিশোদিয়া নিৰপৰাধী।