গুৱাহাটী : পুনৰ দেশত কভিড আতংক। কভিডৰ দ্বিতীয়টো ঢৌ দেশজুৰি ভয়াবহ ৰূপ ধাৰণ কৰিছে। কভিডৰ ভয়াবহ ৰূপ দেখি অৱশেষত বাতিল কৰা হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা। দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে পিছুৱাই দিয়া হৈছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও।

দেশত পুনৰ দেখা দিছে কভিডৰ প্ৰকোপ। কভিডৰ দ্বিতীয়টো ঢৌৱে দেশৰ কেইবাখনো ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে। দেশত প্ৰতিদিনে বৃদ্ধি পাইছে কভিড আক্ৰান্ত লোকৰ সংখ্যা। মৃত্যুৰ মুখত পৰিছে বহু লোক। কভিডৰ দ্বিতীয় ঢৌৰ ভয়াবহতা দেখি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ দাবী উত্থাপন হৈ থকাৰ মাজতে অৱশেষত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল।

বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগত এক বৈঠকত মিলিত হৈ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাও পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে. অহা ৪ মে’ৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কভিড আক্রান্ত ৰোগীৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে। অসমত বর্তমানলৈকে লকডাউনৰ কোনো ধৰণৰ সম্ভাৱনা নাই বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply