কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ পিছত পৰীক্ষাৰ মূল্যাংকন কেনেকৈ কৰিব তাক শিক্ষাৰ্থী আৰু অভিভাৱক সমাজৰ মাজত সৃষ্টি হোৱা উদিগ্নতাক লৈ দেশৰ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল।

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ফলাফল প্ৰকাশৰ বাবে মূল্যাংকনৰ ক্ষেত্ৰত কি বোৰ চৰ্ত তেওলোকে প্ৰয়োগ কৰিব বিচাৰিছে তাক ৰাজহুৱা কৰিছে। পৰিষদে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ ফলাফলৰ বাবে প্ৰস্তুত কৰা মূল্যাংকনৰ পদ্ধতি দাখিল কৰিছে।

এই পদ্ধতি অনুসৰি দ্বাদশ শ্ৰেণীৰ ফলাফল দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা আৰু একাদশ শ্ৰেণীৰ পৰীক্ষাত শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত হ’ব। ব’ৰ্ডে আদালতক জনাইছে যে, দ্বাদশ শ্ৰেণীৰ মূল্যাংকনৰ বাবে ৩০ঃ৩০ঃ৪০ ৰ এক সূত্ৰ প্ৰস্তুত কৰিছে।
এই সূত্ৰ অনুসৰি দশম শ্ৰেণীত ব’ৰ্ড পৰীক্ষাত লাভ কৰা তিনিটা বিষয়ৰ সৰ্বোচ্চ নম্বৰৰ পৰা ৩০ শতাংশ আৰু একাদশ শ্ৰেণীৰ চূড়ান্ত ফলাফলৰ পৰা ৩০ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ৩০ শতাংশ নম্বৰ লাভ কৰিব আৰু দ্বাদশ শ্ৰেণীৰ ইউনিট টেষ্ট,প্ৰাক ব’ৰ্ডৰ পৰীক্ষা আদিত লাভ কৰা মুঠ নম্বৰৰ ৪০ শতাংশ নম্বৰ লাভ কৰিব।

চিবিএছইয়ে শীঘ্ৰেই মূল্যাংকনৰ চৰ্তসমূহ অফিচিয়েল ৱেবছাইট cbse.gov.inত আপলোড কৰিব।
উল্লেখ্য যে, বৰ্ডে ইতিমধ্যে ১ জুনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছিল। এতিয়া দ্বাদশ শ্ৰেণীৰ ফলাফল দশম, একাদশ আৰু দ্বাদশ পৰীক্ষাত প্ৰাপ্ত নম্বৰৰ আধাৰিত হব। নম্বৰত সন্তুষ্ট নোহোৱা শিক্ষাৰ্থীয়ে কোৰোনা সৃষ্ট পৰিবেশ উন্নত হলেই পৰীক্ষাত বহিব পাৰিব।
ফলাফল ঘোষণাৰ পিছত শিক্ষাৰ্থীসকলে প্ৰাপ্ত নম্বৰৰ বিষয়ে তেওঁলোকৰ অভিযোগবোৰ সমাধানৰ বাবে বৰ্ডে ব্যৱস্থা কৰিব। চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ ফলাফল ৩১ জুলাইৰ ভিতৰত প্ৰকাশ কৰিব।

লগতে পঢ়ক আজিও অৱহেলিত দগাযুঁজ ৰণকৌশল প্ৰত্নতাত্বিক স্থান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply