নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে সমকামী বিবাহক অনুমোদন জনোৱা আৱেদনসমূহৰ বিৰোধিতা কৰি খাৰিজ কৰোৱাৰ আবেদন জনাইছে উচ্চতম ন্যায়ালয়ত। উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে   শপতনামা দাখিল সমকামী বিবাহক অনুমোদন নিদিবলৈ ১৫খন আৱেদনৰ বিৰোধিতা কৰি।

কেন্দ্ৰীয় চৰকাৰে শপতনামত কয় যে, সমকামী বিবাহৰ অনুমতি দিব নোৱাৰি। ই ভাৰতীয় পৰিয়ালৰ ধাৰণাৰ বিৰোধীতা কৰে। ভাৰতীয় লোকৰ পৰিয়ালৰ ধাৰণা হৈছে পতি-পত্নী আৰু তেওঁলোকৰ পৰা জন্ম হোৱা সন্তানৰ পৰা সৃষ্টি হোৱা পৰিয়াল ব্যৱস্থাটোক।

৫৬ পৃষ্ঠাৰ যোৰা শপতনামাত কেন্দ্ৰীয় চৰকাৰে কৈছে যে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বহুতো ৰায়ত ব্যক্তিগত স্বাধীনতাৰ ব্যাখ্যা স্পষ্ট কৰিছে। কিন্তু আইনত উল্লেখ থকা অনুসৰি সমকামী বিবাহক স্বীকৃতি দিব নোৱাৰি। কাৰণ স্বামী আৰু পত্নীৰ মিলনৰ সংজ্ঞাহে কেৱল জৈৱিকভাৱে দিয়া হৈছে।

উল্লেখযোগ্য যে, বছৰৰ আৰম্ভণিতে জানুৱাৰী মাহত সমকামী বিবাহৰ বিচাৰধীন হৈ থকা সকলো গোচৰৰ আৱেদন উচ্চতম ন্যায়ালয়ে স্থানান্তৰ কৰি লয়। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠে নিৰ্দেশনা জাৰি কৰি উল্লেখ কৰে যে- কেন্দ্ৰীয় চৰকাৰক ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈ কয় আৰু লগতে সকলোবোৰ আবেদনৰ প্ৰথম শুনানি ২০২৩ৰ ১৩ মাৰ্চত হ’ব বুলি বিচাৰপীঠসকলে জনাইছিলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply