নিউজ ডেস্কঃ দেশত ভয়াবহ ৰূপত সংক্ৰমিত হৈছে কৰোনা ভাইৰাছ।

ভাৰতৰ কেইবাখনো ৰাজ্যত কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ লকডাউন ঘোষণা কৰা হৈছে।

বিগত বছৰ কৰোনা ভাইৰাছৰ বাবে হোৱা লকডাউনত বিধ্বস্ত হৈ পৰিছিল ভাৰত।

কৰ্মসংস্থাপন হেৰুৱাই গভীৰ সংকটত পৰিছিল লক্ষ-লক্ষ জনতা।

সেইবাবে যোৱা বছৰ মাৰ্চ মাহৰ পিছৰ পৰাই প্ৰধানমন্ত্ৰীয়ে গৰীব কল্যাণ পেকেজ ঘোষণা কৰিছিল। এই যোজনা যোৱা বছৰ নৱেম্বৰ মাহলৈকে চলিছিল।

দেশত এতিয়া আকৌ আৰম্ভ হৈছে কোৰোণাৰ দ্বিতীয় ঢৌ।

পূৰ্বৰ দৰে এইবাৰো কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা।

কেন্দ্ৰীয় চৰকাৰে এই যোজনাৰ অধীনত দুখীয়া লোকক ৫ কেজিকৈ ৰেচন পুনৰ যোগান ধৰিব।

মুঠ ৮০ কোটি দেশবাসীয়ে লাভ কৰিব এই বিনামূলীয়া ৰেচন।

অহা মে’ আৰু জুন মাহৰ পৰা দেশবাসীয়ে এই ৰেচন লাভ কৰিব।

প্ৰাথমিক পৰ্যায়ত এই আঁচনিত ২৬ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে।

দেশত এতিয়া আকৌ আৰম্ভ হৈছে কোৰোণাৰ দ্বিতীয় ঢৌ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply