নিউজ ডেস্ক : চুবুৰীয়া ৰাজ্য মিজোৰামত পুনৰ উদ্বেগজনকভাৱে ক’ভিড সংক্ৰমণ বৃদ্ধি পাব ধৰিছে। মঙলবাৰে ডা০ বিনীতা গুপতাৰ নেতৃত্বত দিল্লীৰ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (NCDC )-ৰ এটা চাৰিজনীয়া চাৰিজনীয়া চিকিৎসকৰ দলে পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখনত উপস্থিত হয়।
মিজোৰামৰ ৰাজধানী আইজলত উপস্থিত হোৱাৰ পিছতে দলটোৱে ৰাজ্যখনৰ শীৰ্ষ চিকিৎসা বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু মূলত ক’ভিড ১৯ত আটাইতকৈ ক্ষতিগ্ৰস্ত আইজল জিলাৰ পৰিস্থিতিক লৈ আলোচনা কৰে।
চিকিৎসকৰ দলটোৱে ৰাজ্যখনৰ বাকী জিলা সমূহো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’ব বুলি এখন বিভাগীয় প্ৰেছ বিবৃতিৰ জৰিয়তে সদৰী কৰা হৈছে।
উল্লেখযোগ্য যে শেহতীয়াভাৱে মিজোৰামত ক’ভিডৰ সংক্ৰমণ দৈনিক বৃদ্ধি পাব ধৰিছে, মঙলবাৰে ৰাজ্যখনত ১৬৮১ টা নতুন পজিটিভ কেচ ধৰা পৰাত ৰাজ্যখনত ক’ভিড আক্ৰান্তৰ সংখ্যা ৯৯,৮৫৬ জনলৈ বৃদ্ধি পায়।
আনহাতে ৰাজ্যখনত ক’ভিডৰ ফলত প্ৰাণ হেৰোৱা লোকৰ সংখ্যা ৩৩১ জনলৈ বৃদ্ধি পাইছে, ইয়াৰে ভিতৰত মঙলবাৰে ৫ জনৰ মৃত্যু হয়। দৈনিক সংক্ৰমণৰ হাৰ ১৮ শতাংশলৈ বৃদ্ধি পাইছে।
নতুনকৈ আক্ৰান্ত হোৱা সকলৰ ভিতৰত ৩২২ গৰাকী শিশু আছে বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।
লগতে পঢ়ক : হোজাই জিলাৰ ডবকাত মহিলা সন্ধানহীন