নিউজ ডেস্কঃ ইউক্ৰেইনত ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত দেশখনত শিক্ষা গ্ৰহণ কৰি থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক স্বদেশলৈ ঘূৰাই অনাৰ অভিযান অব্যাহত আছে। ইতিমধ্যে বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী স্বদেশলৈ আহি পাইছে যদিও সকলোৰে মনত উদয় হৈছিল এক গুৰুত্বপূৰ্ণ প্ৰশ্ন।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলত চিকিৎসা বিজ্ঞানৰ শিক্ষা আধাতেই এৰি ভাৰতলৈ ঘূৰি অহা এই হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ব্যৱস্থা কৰা হ’বনে?
তাৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলক যেন কিছু সকাহ দিছে নেশ্যনেল মেডিকেল এছচিয়েশ্যন চমুকৈ এনএমচিয়ে। শনিবাৰে এনএমচিয়ে বিদেশী চিকিৎসা স্নাতক পৰীক্ষা অৰ্থাৎ এফএমজিই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ভাৰতত ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰাৰ অনুমতি প্ৰদান কৰিছে।
এনএমচিৰ দ্বাৰা জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি বিদেশৰ পৰা ঘূৰি অহা এই শিক্ষাৰ্থীসকলে নিৰ্ধাৰিত চৰ্ত অনুসৰণ কৰিব লাগিব আৰু এই ইন্টাৰ্ণশ্বিপ সম্পূৰ্ণ কৰিবলৈ ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়ত আৱেদন কৰিব লাগিব।
উল্লেখযোগ্য যে, এই ইন্টাৰ্ণশ্বিপৰ বাবে বান্ধি দিয়া হৈছে কেতবোৰ চৰ্ত। সেই চৰ্তসমূহ ক্ৰমে-
- মেডিচিন প্ৰকটিচ কৰিবলৈ চিকিৎসা ডিগ্ৰী প্ৰদান কৰা দেশত পঞ্জীয়নযোগ্য হ’ব লাগিব।
- শাৰীৰিক প্ৰশিক্ষণ/ইন্টাৰ্ণশ্বিপৰ সফল সমাপ্তি প্ৰমাণিত কৰা তথ্যপ্ৰমাণ লাগিব।
- পাছপোৰ্ট আৰু ভিছাৰ প্ৰতিলিপি লাগিব।
- বিদেশী চিকিৎসা স্নাতক পৰীক্ষা (এফএমজিই) উত্তীৰ্ণ হ’ব লাগিব।
- চিকিৎসা মহাবিদ্যালয়ত মুঠ অনুমোদিত আসনৰ অতিৰিক্ত ৭.৫% ত আৱণ্টনৰ কোটা সীমিত কৰিব লাগিব।
- এফএমজিৰ পৰা চিকিৎসা মহাবিদ্যালয়বোৰে তেওঁলোকৰ ইণ্টাৰ্নশ্বিপ কৰাৰ বাবে কোনো মাচুল ল’ব নালাগে।
মন কৰিবলগীয়া যে, ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত ইউক্ৰেইনৰ পৰা বৰ্তমানলৈ ১৮ সহস্ৰাধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক স্থানান্তৰ কৰিছে ভাৰত চৰকাৰে।