নিউজ ডেস্ক: ভাৰত চৰকাৰে UAPA আইনৰ অধীনত ৫ বছৰৰ বাবে নিষিদ্ধ কৰিছে ইছলামিক মৌলবাদী সংগঠন ‘পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া’ক। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দেশজোৰা অভিযানৰ পিছতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে পি এফ আইক অহা ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰে।
পি এফ আইৰ উপৰি আন ৮টা সংগঠনক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ৩ৰ অধীনত ৫ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে।
নিষিদ্ধ ঘোষণা কৰা আন ৮টা সহযোগী সংগঠন হৈছে ক্ৰমে কেম্পাছ ফ্ৰন্ট অৱ ইণ্ডিয়া (চিএফআই), অল ইণ্ডিয়া ইমামছ কাউন্সিল, ৰিহাব ইণ্ডিয়া ফাউণ্ডেশ্যন, নেচনেল উইমেনছ ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এম্পাৱাৰ ইণ্ডিয়া ফাউণ্ডেশ্যন, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন আৰু ৰিহাব ফাউণ্ডেশ্যন, কেৰেলা।
এই সন্দৰ্ভত মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক জাননীত পি এফ আইৰ একাংশ শীৰ্ষ নেতা নিষিদ্ধ সংগঠন Students Islamic Movement of India (SIMI)-ৰ সৈতে জড়িত আছিল বুলি উল্লেখ কৰাৰ লগতে পি এফ আইৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাত-উল-মুজাহিদ্দীন (JMB)-ৰ সৈতে সম্পৰ্ক আছে বুলি কোৱা হয়।
অবৈধ সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰাৰ বাবে পি এফ আইকে ধৰি আন ৮টা সংগঠনক নিষিদ্ধ কৰা হৈছে বুলি জানিবলৈ দি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জনাই যে আগন্তুক দিনত কেডাৰ নিৰ্ভৰ সংগঠনটোৰ বিৰুদ্ধে আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
লগতে পঢ়ক – কাজিৰঙাত নৈশ জীপ চাফাৰী: মুখ্য মন্ত্ৰীৰ পক্ষত মাত দিলে জুবিন গাৰ্গে