নিউজ ডেস্কঃ ইপিএফঅ’-য়ে ২০২১-২২ বিত্তীয় বৰ্ষত কৰ্মচাৰী ভৱিষ্যত নিধিৰ সুদৰ হাৰ ৮.৫ শতাশৰ পৰা ৮.১ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পাছতে চিপিআইৰ নেতা বিনয় বিশ্বমে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰযোগে চিপিআইৰ নেতাগৰাকীয়ে ইপিএফৰ সুদৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে অনুৰোধ জনায়।

ইপিএফৰ সুদৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্তক অদায়িত্বশীল বুলি অভিহিত কৰি কয় যে- ‘ইপিএফঅ’ৰ সুদৰ হ্ৰাস ৮.১ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত কেৱল অদায়িত্বশীলেই নহয়, দেশৰ শ্ৰম কৰা লোক সকলৰ কাৰণে চৰকাৰে কিমান চিন্তা কৰে সেয়াও প্ৰতিফলিত হৈছে। নিৰ্বাচনত জয়ী হোৱাৰ পাছত শাসনত থকা দলটোৱে পুনৰ এবাৰ নিজৰ প্ৰকৃত ৰং দেখুৱালে।’

উল্লেখযোগ্য যে, শনিবাৰে ইপিএফঅ’-য়ে ২০২১-২২ বিত্তীয় বৰ্ষত ভৱিষ্যৎ নিধিৰ সুদৰ হাৰ ৮.১ শতাংশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এটা দশকৰ ভিৰত ভৱিষ্যৎ নিধিৰ হাৰ এয়াই হ’ল আটাইতকৈ কম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply