নিউজ ডেস্কঃ আম আদমি পাৰ্টীৰ প্ৰাক্তন নেতা কুমাৰ বিশ্বাসক ৱাই ‘Y’ শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা চিআৰপিএফৰ জৰিয়তে কুমাৰ বিশ্বাসক প্ৰদান কৰা হ’ব ৱাই শ্ৰেণীৰ এই নিৰাপত্তা।
ইয়াৰ পূৰ্বে গৃহ মন্ত্ৰণালয়ে কৈছিল যে- চৰকাৰে কুমাৰ বিশ্বাসৰ নিৰাপত্তাৰ দিশটোৰ ওপৰত দৃষ্টি ৰাখিছে। তাৰপাছত কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সমীক্ষা কৰি বিশ্বাসৰ জীৱনৰ প্ৰতি ভাবুকি থকা বুলি তথ্য লাভ কৰাৰ পাছতে তেওঁক ৱাই শ্ৰেণীৰ নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত লয়।
উল্লেখ্য যে, শেহতীয়াকৈ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লৈ কিছু অভিযোগ উত্থাপন কৰিছিল।