নিউজ ডেস্কঃ বৰ্তমান সমগ্ৰ দেশে কৰোনাসৃষ্ট ভয়াবহ পৰিস্থিতিৰ সৈতে যুঁজি আছে।
সমগ্ৰ দেশতে মহামাৰী কৰোনাই কালৰূপ ধাৰণ কৰিছে । ইতিমধ্যে দেশৰ কেইবাখনো ৰাজ্যত ক’ভিড ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ হৈছে ।
অক্সিজেনৰ অভাৱৰ ফলত ভয়াবহ দিশে গতি কৰিছে ক’ভিড ৰোগীসকলৰ জীৱন ।
দেশৰ বিভিন্ন প্ৰান্তত দেখা দিয়া অক্সিজেনৰ অভাৱ পুৰণৰ বাবে বায়ুসেনাই আৰম্ভ কৰিছে মিছন অক্সিজেন।
ইয়াৰ বাবে বায়ুসেনাই বায়ুসেনাৰ C-17 আৰু IL76 বিশেষ মালবাহী বিমানৰ সহযোগত দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰা হৈছে ক্ৰায়জেনিক অক্সিজেন কন্টেইনাৰ।
বায়ুসেনাৰ হিন্দন চাউনীৰ পৰা পানাগড়লৈ এয়াৰলিফ্ট কৰা হয় এইসমূহ কন্টেইনাৰ পৰিবাহী টেংকাৰ।
এইসমূহ টেংকাৰত অক্সিজেন ভৰ্তি কৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিব বায়ুসেনাই।
বায়ু সেনাই অক্সিজেন কণ্টেনাৰ, চিলিণ্ডাৰ, অত্যাৱশ্যকীয় ঔষধ, সঁজুলি আৰু স্বাস্থ্য কৰ্মীসকলক বিমানযোগে বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰা আৰম্ভ কৰিছে।
বিগত ২৪ঘন্টাত ভাৰতত ৩লাখ ৩২ হাজাৰ ৫০৩জন লোক কৰোনাত আক্ৰান্ত হৈছে।
২৪ ঘন্টাত কৰোনাত মৃত্যু হৈছে ২২৫৬ জনৰ। এই সংকটৰ সময়ত চৰকাৰ তথা দেশবাসীৰ কাষত সহায়ৰ বাবে ঠিয় হৈছে ভাৰতীয় বায়ুসেনাবাহিনী।