নিউজ ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা পুৰণি ক্লিপক শেহতীয়া উদয়পুৰ কাণ্ডৰ সৈতে সাঙুৰি মিছা বাতৰি সম্প্ৰচাৰ কৰা এগৰাকী টি ভি নিউজ এংকৰক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে আজি উত্তৰপ্ৰদেশৰ গাজিয়বাদত উপস্থিত হয় ছত্তীশগড় আৰক্ষীৰ এটা দল।

ৰাষ্ট্ৰীয় নিউজ চেনেল Zee News – এংকৰ ৰোহিত ৰঞ্জন বিৰুদ্ধে ছত্তীশগড়ৰ ৰায়পুৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত তেওঁক গ্ৰপ্তাৰ কৰিবলৈ এংকৰজনৰ গাজিয়াবাদত থকা বাসগৃহত আৰক্ষীৰ দলটো উপস্থিত হয়।

আনহাতে, এংকৰজনে কংগ্ৰেছ শাসিত ছত্তীশগড় আৰক্ষীয়ে নিয়ম বহিৰ্ভূতভাৱে স্থানীয় আৰক্ষীক অৱগত নকৰাকৈ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অহা বুলি অভিযোগ কৰে।

‘’ছত্তীশগড় আৰক্ষীয়ে স্থানীয় আৰক্ষীক অৱগত নকৰাকৈ মোক গ্ৰেপ্তাৰ কৰিবলৈ মোৰ ঘৰৰ বাহিৰত থিয় হৈ আছে, এইয়া আইনৰ অধীনত পৰেনে,’’ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যখনৰ আৰক্ষীক টেগ কৰি জি নিউজৰ এংকৰ ৰোহিত ৰঞ্জনে হিন্দীত এটা টুইট কৰে।

অৱশ্যে এইপৰ্যন্ত ছত্তীশগড় আৰক্ষীয়ে ৰোহিতক গ্ৰেপ্তাৰ কৰা নাই যদিও তেওঁক গ্ৰেপ্তাৰী পৰোৱানা প্ৰদৰ্শন কৰিছে আৰু তদন্তত আৰক্ষীক সহযোগ কৰিবলৈ তেওঁক আহ্বান জনায়।

এংকৰজনৰ টুইটৰ সঁহাৰি দি ৰায়পুৰ আৰক্ষীয়ে টুইট কৰি কয়: অৱগত কৰাৰ এনে কোনো নিয়ম নাই। তথাপিও, তেওঁলোকক এতিয়া অৱগত কৰা হৈছে। আৰক্ষীৰ দলে আপোনাক আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা দেখুৱাইছে। আপুনি আচলতে সহযোগিতা কৰা উচিত, আৰু আদালতত আত্মপক্ষ সমৰ্থনত আপোনাৰ যুক্তি ৰখা উচিত।

উল্লেখযোগ্য যে যোৱা ২ জুলাইত ৰঞ্জনে তেওঁৰ এটা টিভি শ্ব’ত উদয়পুৰ হত্যাকাণ্ডৰ গোচৰৰ সৈতে সংগতি নথকা ৰাহুল গান্ধীৰ এটা পুৰণি বক্তব্য টানি আনি মিছা বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে ক্ষমা বিচাৰিছিল।

ZEE NEWS-ত সম্প্ৰচাৰ হোৱা উক্ত বাতৰিটোৰ আলম লৈ বিজেপিৰ বহু কেইগৰাকী নেতাকে ধৰি একাংশ লোকে সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছ দলক আক্ৰমণ কৰাত নামি পৰিছিল।

লগতে পঢ়ক – ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজেপিৰ পক্ষ ল’ব নেকি আজমল নেতৃত্বাধীন AIUDF-এ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply