গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে মেঘালয়ৰ শ্বিলঙৰ উমিয়ামস্থিত উত্তৰ-পূব মহাকাশ প্রয়ােগ কেন্দ্ৰৰ মুখ্য কার্যালয়ত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত উত্তৰ-পূব মহাকাশ প্রয়ােগ কেন্দ্র ছ’চাইটিৰ বিশেষ বৈঠকত অংশগ্রহণ কৰে। বৈঠকত বান নিয়ন্ত্রণ, আদ্রভূমি ব্যৱস্থাপনা, অঞ্চলটোত বনাঞ্চল সংৰক্ষণ আদিৰ বাবে মহাকাশ প্রযুক্তিৰ ব্যৱহাৰ সম্পৰ্কীয় বিষয়সমূহ আলােচনা কৰা হয়।
আলােচনাত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এনইএছএচি আৰু ভাৰতীয় মহাকাশ গাৱেষণা সংস্থাই অসমত বানপানীৰ এক যুটীয়া অধ্যয়ন চলাই ৫০০০ বর্গ কিলােমিটাৰৰাে অধিক মাটিকালিৰ আদ্রভূমি চিনাক্ত কৰিছে। ৰাজ্যখনৰ বানপানী নিয়ন্ত্রণ কৰাৰ উদ্দেশ্যে বাৰিষাকালত ব্ৰহ্মপুত্ৰৰ অতিৰিক্ত পানী বােৱাই নিয়াৰ কামত এই আদ্রভূমি ব্যৱহাৰ কৰিব পৰা যায় বুলি মুখ্যমন্ত্ৰীয়ে কয়।
লগতে পঢ়ক : গৰমৰ দিনকেইটাত এই কেইবিধ সুস্বাদু, পুষ্টিকৰ চালাডৰ জুতি লওক
মুখ্যমন্ত্ৰীয়ে জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ কেন্দ্রীয় জল আয়ােগ আৰু ৰাজ্যখনৰ জলসম্পদ বিভাগক অন্তর্ভুক্ত কৰি বান নিয়ন্ত্ৰণৰ বাবে এটা পৰীক্ষামূলক প্রকল্প হাতত লােৱাৰ বিষয়ে বিবেচনা কৰিবলৈও পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে মহাকাশ প্রযুক্তি ব্যৱহাৰ কৰি আন্তঃৰাজ্যিক সীমান্তত বনাঞ্চল নিৰীক্ষণৰ বাবেও পৰামৰ্শ আগবঢ়ায়। কেন্দ্রীয় ডনাৰ মন্ত্রী জি কিষাণ ৰেড্ডী, কেন্দ্রীয় মহাকাশ মন্ত্রী ড° জিতেন্দ্র সিং, ৰাজ্যিক ডনাৰ মন্ত্রী বি এল বার্মাৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলেও এই অনুষ্ঠানত ভাষণ প্রদান কৰে।