নিউজ ডেস্কঃ বৰ্তমান নিৰ্বাচন বতাহ বলি আছে উত্তৰ প্ৰদেশত। মঙলবাৰে অযোধ্যাৰ এখন জনসভাত অংশগ্ৰহণ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। জনসভাখনত অংশ লৈ মুখ্যমন্ত্ৰী আদিত্যনাথে কয়- ৰাজ্যত পুনৰ বিজেপি চৰকাৰ গঠন হ’লে এখন হাতত বিকাশৰ লাঠী আৰু আনখনত হাতত বুলড’জাৰৰ ষ্টেয়ৰিং থাকিব। আমাৰ ৰাজ্য উন্নতিৰ দিশত আগবঢ়াৰ সমান্তৰালকৈ মাফিয়া আৰু গুণ্ডাৰাজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
সমাজবাদী পাৰ্টিকো তীব্ৰ সমালোচনা কৰি তেওঁ কয়- সমাজবাদী পাৰ্টি সন্ত্ৰাসবাদীৰ পক্ষত আছে। তেওঁলোকে ৰাজ্যৰ বিকাশ হোৱাটো নিবিচাৰে। বিজেপি চৰকাৰে উত্তৰপ্ৰদেশক ৰাম ৰাজ্য হিচাপে গঢ়াৰ কৰাৰ বাবে আগবাঢ়ি আছে। ৫০০ বছৰৰ পাছত ৰাজ্যতৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। সমাজবাদী পাৰ্টিয়ে এনে কাম কৰিব পাৰিলে হেঁতেন?