নিউজ ডেস্কঃ আজি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আধাৰশিলা স্থাপন কৰিলে ৰামমন্দিৰৰ গৰ্ভগৃহৰ। আধাৰশিলা কাৰ্যসূচী পুৱা ন বজাত আৰম্ভ হয়। এই মাংগলিক কাৰ্যসূচী পুৱা ৩ ঘণ্টা আৰু সন্ধিয়া ৩ ঘণ্টা কৰা হয়। পূজাৰ বাবে অযোধ্যাৰ ৯০গৰাকী পুৰোহিতক আমন্ত্ৰণ জনোৱা হয়।  

আধাৰশিলা স্থাপন কৰাৰ পাছত মুখ্যমন্ত্রী যোগীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুবছৰ পূৰ্বে ৰাম মন্দিৰৰ ভূমি পূজন কৰিছিল আৰু মই ৰামমন্দিৰৰ গৰ্ভগৃহৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ লাভ কৰিলো। অতি সোনকালেই ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। এতিয়া ৰাম মন্দিৰ নিৰ্মাণৰ কাম অতি ক্ষীপ্ৰতাৰে চলিব। অযোধ্যাত ৫০০ বছৰৰ যন্ত্ৰণা অতি সোনকালেই শেষ হ’ব। ৰাম মন্দিৰ হ’ব জাতিৰ মন্দিৰ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী যোগীয়ে।

উল্লেখ্য যে দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত ২০১৯ চনৰ ৯ নৱেম্বৰত ৰাম মন্দিৰৰ সপক্ষে ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে। ইয়াৰ পাছতে ২০২০ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে আৰু তেতিয়াৰে পৰা মন্দিৰৰ নিৰ্মাণ কাৰ্য চলি আছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply