নিউজ ডেস্ক : তামিলনাডুত সংঘটিত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হৈছে চিফ অৱ ডিফেন্স জেনেৰেল বিপিন ৰাৱট। ৰাৱটৰ লগতে তেওঁৰ পত্নী মধুলিকা ৰাৱট আৰু আন ১১ গৰাকী সেনা বিষয়াৰ উক্ত দুৰ্ঘটনাত মৃত্যু হয়।

উল্লেখযোগ্য যে ভাৰতীয় সেনা বাহিনীৰ এখন বিশেষ হেলিকপ্টাৰ বুধবাৰে পুৱা তামিলনাডুৰ কুনুৰত এখন দুৰ্ঘটনাত পতিত হৈছিল।

জেনেৰেল বিপিন লক্ষ্মণ সিং ৰাৱট হৈছে ভাৰতৰ প্ৰথম গৰাকী চিফ অৱ ডিফেন্স ষ্টাফ। ২০১৯ চনৰ ৩০ ডিচেম্বৰত তেওঁক দেশৰ প্ৰথম গৰাকী চি ডি এছ হিচাপে নিযুক্ত কৰা হৈছিল আৰু ২০২০ চনৰ ১ জানুৱাৰীত তেওঁ কাৰ্য্যভাৰ গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে তেওঁ চিফ অৱ ষ্টাফ কমিটিৰ ৫৭ সংখ্যক তথা অন্তিম গৰাকী চেয়াৰমেন আৰু ভাৰতীয় সেনা বাহিনীৰ ২৬ সংখ্যক চিফ অৱ আৰ্মি ষ্টাফৰ দায়িত্বত আছিল।

উত্তৰাখণ্ডৰ পাউৰি গাঢ়ৱাল জিলাত বিপিন ৰাৱটে জন্মগ্ৰহণ কৰিছিল, তেওঁ পিতৃ লক্ষ্মণ সিং ৰাৱট ভাৰতীয় সেনাক লেফটেনেণ্ট জেনেৰেল আছিল।

আজি পুৱা ভাৰতীয় সেনা বাহিনীৰ Mi-17VH চপাৰ হেলিকপ্টাৰখনে কোইমবাটোৰৰ সমীপৰ ছুলুৰস্থিত ভাৰতীয় সেনা বাহিনীৰ কেন্দ্ৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। কুঁৱলীৰ বাবে উক্ত দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

দিল্লীস্থিত চৰকাৰী সূত্ৰই জনোৱা মতে হেলিকপ্টাৰখনত থকা আটাইকেইগৰাকী আহত ব্যক্তিক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি অনা হৈছে। চিফ অৱ ডিফেন্স ষ্টাফ গৰাকীক ৱেলিংটনত থকা ডিফেন্স ষ্টাফ কলেজলৈ আনি থকা হৈছিল।

উল্লেখযোগ্য যে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনত চিফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীসহ ১৪ গৰাকী আৰোহী আছিল।

লগতে পঢ়ক : তামিলনাডুত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা; চিফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আছিল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply