নিউজ ডেস্কঃ মথুৰা ৰেল ষ্টেচনত শুই থকা অৱস্থাত মাতৃৰ কাষৰ পৰা সন্ধানহীন হোৱা এটি সাতমহীয়া শিশু মথুৰা ৰেল ষ্টেচনৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ ফিৰোজাবাদৰ বিজেপিৰ এগৰাকী মহিলা কাউন্সিলাৰৰ ঘৰত উদ্ধাৰ হৈছে। গোটেই ঘটনাটো মথুৰা ষ্টেচনৰ চিচিটিভি কেমেৰাত ধৰা পৰিছিল। চিচিটিভি ফুটেজ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
এনডিটিভিত প্ৰকাশিত বাতৰি মতে, চুৰি হোৱা শিশুটো ফিৰোজাবাদৰ বিজেপি কাউন্সিলাৰ বিনিতা আগৰৱালাৰ ঘৰত পোৱা গৈছিল। ইফালে বিজেপি নেতা গৰাকী আৰু তেওঁৰ স্বামীয়ে কৈছিল যে তেওঁলোকে দুজন চিকিৎসকৰ পৰা ১.৮ লাখ টকাত কেঁচুৱাটো কিনিছিল। তেওঁলোকৰ এগৰাকী কন্যা সন্তানো আছে। কিন্তু তেওঁলোকে এটি পুত্ৰ সন্তানো বিচাৰিছিল। গতিকে ধনৰ বিনিময়ত এজন পুত্ৰ সন্তান তুলি লৈছিল। ইতিমধ্যে ঘটনা সন্দৰ্ভত আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আছে দুজন চিকিৎসক, এজন বিজেপি কাউন্সিলাৰ আৰু কাউন্সিলাৰ গৰাকীৰ স্বামী। মথুৰা ষ্টেচনৰ পৰা শিশু চুৰি হোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে এটা ডাঙৰ শিশু চুৰি চক্ৰৰ সন্ধান পাইছে।
এই ঘটনাত এটা ডাঙৰ তথ্য পোহৰলৈ আহিছে। ধনৰ বিনিময়ত, তেওঁলোকে শিশু চুৰি কৰে। জ্যেষ্ঠ আৰক্ষী বিষয়া মহম্মদ মুস্তাকে কৈছিল যে এই দলটোৱেই শিশুটোক অপহৰণ কৰিছিল। “আমি জানিব পাৰিছো যে শিশুটোক দীপ কুমাৰ নামৰ এজন ব্যক্তিয়ে লৈ গৈছিল। দীপকৰ লগত দুজন চিকিৎসক জড়িত আছে। চিকিৎসক দুজন Hathras জিলাৰ চিকিৎসালয়ত কৰ্মৰক। লগতে আন কেইবাজনো স্বাস্থ্যকৰ্মী এই কামত জড়িত হৈ আছে।
লগতে জ্যেষ্ঠ আৰক্ষী বিষয়া গৰাকীয়ে কয়, “যাৰ ঘৰত শিশুটো পোৱা গৈছিল তেওঁলোকক সোধা-পোছা কৰা হৈছে। তেওঁলোকে কৈছিল যে তেওঁলোকৰ মাত্ৰ এজনী ছোৱালী আছে। তেওঁলোকে এটি পুত্ৰ সন্তান বিচাৰিছিল। সেইকাৰণে তেওঁলোকে এই চুক্তি কৰিছিল। ‘
ইতিমধ্যে সাতমহীয়া ল’ৰাটোক মথুৰা ষ্টেচনত মাক-দেউতাকক গতাই দিয়া হৈছিল।