পুনৰ ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ সেৱন কৰাৰ পিছত প্ৰাক্তন ছোভিয়েট ইউনিয়নৰ দেশ উজবেকিস্তানত ১৮ টি শিশুৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পূৰ্বে পশ্চিম আফ্ৰিকাৰ দেশ গাম্বিয়াই ভাৰতত প্ৰস্তুত কৰা কফ চিৰাপ খাই ৬৬ টা শিশুৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছিল। তাৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতত প্ৰস্তুত কৰা চাৰিটা চৰ্দি-কাহৰ চিৰাপৰ বিষয়ে সতৰ্কতা জাৰি কৰিছিল।

উজবেকিস্তানৰ স্বাস্থ্য বিভাগে বুধবাৰে কয় যে ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী মেৰিয়ন বায়োটেক প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰা কফ চিৰাপ খোৱাৰ পিছত এতিয়ালৈকে ১৮ টি শিশুৰ মৃত্যু হৈছে।

দেশৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে ডক-১ মেক্স নামৰ চিৰাপটো ২১ টি শিশুৱে গ্ৰহণ কৰিছিল, যাৰ ভিতৰত ১৮ টি শিশুৰ মৃত্যু হৈছিল। কোম্পানীৰ ৱেবছাইট অনুসৰি, ঔষধটো চৰ্দি আৰু ফ্লুৰ লক্ষণৰ চিকিৎসা হিচাপে বজাৰত বিক্ৰী কৰা হয়।

চিৰাপৰ এটা গোটত ইথিলিন গ্লাইকলৰ উপস্থিতি পোৱা গৈছে। উজবেকৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ই এক প্ৰকাৰৰ বিষাক্ত পদাৰ্থ।

মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে কুৰামেক্স মেডিকেল এলএলচি নামৰ এটা কোম্পানীয়ে উজবেকিস্তানলৈ চিৰাপ আমদানি কৰিছিল।

উজবেক স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয় যে চিকিৎসকৰ প্ৰেছক্ৰিপশ্বন অবিহনে ঘৰত অভিভাৱক বা ফাৰ্মাচিষ্টৰ পৰামৰ্শ অনুসৰি শিশুসকলক চিৰাপটো দিয়া হৈছিল আৰু শিশুসকলৰ বাবে আদৰ্শ পালিৰ উপৰিও অতিৰিক্ত মাত্ৰাত প্ৰয়োগ কৰা হৈছিল।

প্ৰথমতে, কাহৰ চিৰাপত পেৰাচিটামলৰ স্তৰৰ বিসংগতিৰ বাবে এই ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।

ইয়াৰ আগতে গাম্বিয়াত চৰ্দি আৰু কাহৰ চিৰাপত ডায়েথিলিন গ্লাইকল আৰু ইথিলিন গ্লাইকলৰ অস্বাভাৱিক স্তৰৰ বাবে বৃক্ক বিকল হোৱাৰ ফলত ৬৬ টা শিশুৰ মৃত্যু হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply