নিউজ ডেস্ক : তালিবানে কাবুলত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰাৰ পিছত চীনে আফগানিস্তানলৈ ৩১ মিলিয়ন মাৰ্কিন ডলাৰৰ সাহায্য ঘোষণা কৰিছে। বুধবাৰে চীন চৰকাৰে নতুন আফগান চৰকাৰলৈ উক্ত আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।
সাহায্য প্ৰদানৰ কথা ঘোষণা কৰি, দেশখনত ‘নৈৰাজ্যৰ অৱসান ঘটাই’ শৃংখলা পুনৰ প্ৰতিস্থা কৰাৰ স্বাৰ্থত তালিবানক সহযোগিতা কৰাটো এক ‘দৰকাৰী পদক্ষেপ’ বুলি চীনে কয়।
আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত দেশখনে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে আয়োজন কৰা প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে চীনে আফগানিস্তানক ৩১ মিলিয়ন মাৰ্কিন ডলাৰৰ খাদ্যশস্য, শীতকালৰ সামগ্ৰী, কোৰোনা ভেকচিন আৰু প্ৰয়োজনীয় ঔষধ প্ৰদান কৰিব বুলি সদৰী কৰে।
পাকিস্তানৰ অধ্যক্ষতাত অনুষ্ঠিত উক্ত বৈঠকত ইৰাণ, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ বৈদেশিক মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে।
আনহাতে, মন কৰিব লগীয়া যে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী শ্বাহ মাহমুদ কুৰেছিৰ দ্বাৰা আয়োজিত উক্ত বৈঠকত ৰাছিয়া অংশগ্ৰহণ কৰা নাছিল।
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িয়ে কয় যে চীনে অঞ্চলটোৰ দেশসমূহৰ সৈতে মিলি আফগানিস্তানক দেশখনৰ অৰ্থনীতি পুনৰ নিৰ্মাণ কৰাৰ দিশত সহায় কৰাৰ বাবে কাম কৰাৰ লগতে সন্ত্ৰাসবাদী গোট আৰু ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে কাম কৰিব।
লগতে পঢ়ক : ভোটৰ স্বাৰ্থত মাজুলীবাসীক দলং নিৰ্মাণৰ ভুৱা প্ৰতিশ্ৰুতি দিছিল বিজেপি : জাতীয় পৰিষদ