নিউজ ডেস্ক : পুঁজিবাদী সাম্ৰাজ্য আমেৰিকা যুক্তৰাষ্ট্ৰক পিছ পেলাই ‘সাম্যবাদী’ ৰাষ্ট্ৰ চীন এতিয়া বিশ্বৰ আটাইতকৈ ধনী দেশত পৰিণত হৈছে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পৰামৰ্শদাতা মেকিনচে এণ্ড কোম্পানীয়ে প্ৰকাশ কৰা এক শেহতীয়া প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।
প্ৰতিবেদনখনৰ মতে যোৱা দুটা দশকত বিশ্বব্যাপী মুঠ সম্পত্তি তিনিগুণলৈ বৃদ্ধি পাইছে। ২০০০ চনত মূঠ গোলকীয় সম্পত্তি ১৫৬ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ পৰা ২০২০ চনত সেই পৰিমাণ ৫১৪ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়।
উক্ত বৃদ্ধিৰ এক তৃতীয়াংশ হৈছে চীন দেশৰ। এই সময়ছোৱাত চীনৰ সম্পত্তি মাত্ৰ ৭ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ১২০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি হৈছিল। উল্লেখযোগ্য যে চীনে ২০০১ চনত বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰিছিল। বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰাৰ পিছৰে পৰা দেশখনৰ অৰ্থনৈতিক অগ্ৰগতি দ্ৰুতগামী হোৱা দেখা যায়।
চীনৰ বিপৰীতে ধনী দেশৰ তালিকাৰ দ্বিতীয় স্থানত আমেৰিকা যুক্তৰাষ্ট্ৰই এই সময়ছোৱাত ইয়াৰ মুঠ সম্পত্তিৰ পৰিমাণ দুগুণতকৈ অধিক বৃদ্ধি কৰি ৯০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰে।
প্ৰতিবেদনত উল্লেখ কৰা মতে, বিশ্বৰ আটাইতকৈ ধনী এই দুয়োখন ৰাষ্ট্ৰৰ দুই তৃতীয়াংশ সম্পত্তি দেশ দুখনৰ মাত্ৰ ১০ শতাংশ পুঁজিপতিৰ হাতত মজুত আছে আৰু তেওঁলোকৰ সম্পত্তি ক্ৰমাৎ বৃদ্ধি পাই গৈ আছে।
লগতে পঢ়ক : মহানগৰীত খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে বিশেষ টাস্ক ফ’ৰ্চ গঠন