নিউজ ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে কোৰোনাৰ সংক্ৰমণ হ্ৰাস পাবলৈ ধৰিছে যদিও চীনত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে। কিয়নো চীনত কোৰোনাৰ ভাইৰাছৰ অমিক্ৰন ভেৰিয়েন্ট নতুন ছাব ভেৰিয়েন্টৰ ফলত হাঁহাকাৰ পৰিৱেশ সৃষ্টি হৈছে নাগৰিকৰ মাজত।

চীন নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১৩ সহস্ৰাধিক লোক। চীনৰ চৰকাৰী তথ্য অনুসৰি, অমিক্ৰন ভেৰিয়েন্টৰ নতুন ছাব ভেৰিয়েন্টতে আক্ৰান্ত হৈছে এই সকল লোক। কোৰোনাৰ সংক্ৰমণ দেশখনৰ সৰ্বাধিক ছাংঘাই চহৰত দেখিবলৈ পোৱা গৈছে।

ইতিমধ্যে চীনৰ চৰকাৰে কঠোৰ কৰিছে ল’কডাউনৰ নিয়নবোৰ। লগতে কোনো লোকক ঘৰৰ বাহিৰলৈ ভেকচিন লোৱাৰ বাদে আন কোনো কামত বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাই।

ইয়াৰ বিপৰীতে ভাৰতত কোৰোনাৰ সংক্ৰমণ প্ৰতিদিনে হ্ৰাস পাই গৈ থকা পৰিলক্ষিত হৈছে। দেশত যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৯১৩ জন লোক।

ইয়াৰ পাছতে দেশত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪৩,০২৯,০৪৪জনলৈ বৃদ্ধি পাইছে। আনহাতে, যোৱা ২৪ ঘন্টাত ভাৰতত আৰোগ্য হৈছে ১৩১৬জন লোক। আৰু এতিয়াও ভাৰতত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১২৫৯৭জন ৰোগী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply