নিউজ ডেস্কঃ চন্দ্ৰত এটা ৰকেটে খুন্দা মাৰিবলৈ গৈ আছে। পৃথিৱীৰ কক্ষত ঘূৰি থকা ৰকেটসমূহৰ অৱশিষ্টসমূহৰে এটা টুকুৰা চন্দ্ৰত খুন্দা মাৰিব বুলি বিশেষজ্ঞসকলে জনায়। সন্দেহ কৰা হৈছে যে, চীনে নিক্ষেপ কৰে ৰকেটৰে এটা অংশ এয়া। কিন্তু চীনে সোমবাৰে এই সন্দৰ্ভত স্পষ্টকৈ কয় যে, চন্দ্ৰৰ দিশে আগবাঢ়ি থকা এই ৰকেটৰ টুকুৰা বা অংশ চীনৰ নহয়।
মহাকাশ বিজ্ঞানী তথা বিশেষজ্ঞসকলে ইয়াৰ পূৰ্বে অনুমান কৰিছিল যে, এই ৰকেটৰ অংশটো স্পেছ-এক্সৰ ৰকেটৰ। কিন্তু বৰ্তমান সময়ত সন্দেহ কৰা হৈছে যে ২০১৪ত চীনে চন্দ্ৰ অভিমুখে নিক্ষেপ কৰা ছেংগী ৫-টি১ ৰকেটৰ এটা অংশ এয়া।
ইফালে, চীনৰ বিদেশ মন্ত্ৰণালয়ে সোমবাৰে কয়- ‘যিটো ৰকেটৰ বিষয়ে চৰ্চা কৰি থকা থকা হৈছে, সেইটো সুৰক্ষিতভাৱে পৃথিৱীলৈ ঘূৰাই আনি তাক ধ্বংস কৰি দিয়া হৈছে।’ উল্লেখযোগ্য যে, অহা ৪ মাৰ্চত চন্দ্ৰৰ পৃষ্ঠত খুন্দা মাৰিব এই ৰকেটৰ অংশটোৱে।