নিউজ ডেস্ক : মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ এক প্ৰতিবেদনত ভাৰত-চীন সীমান্ত সম্পৰ্কীয় এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদনত প্ৰকাশ পোৱা মতে চীনে অৰুণাচল প্ৰদেশৰ মাটিত এখন গাঁও স্থাপন কৰিছে।
মাৰ্কিন কংগ্ৰেছত দাখিল কৰা উক্ত প্ৰতিবেদনৰ মতে চীনে Line of Actual Control (LAC) কৰি অতিক্ৰম কৰি আহি অৰুণাচল প্ৰদেশত ১০০ ঘৰ মানুহৰ এখন গাঁও পাতিছে।
অৰুণাচল প্ৰদেশৰ আপাৰ শুৱ উজনি সোৱণশিৰি জিলাৰ মাজেৰে বৈ যোৱা Tsari Chu নদীৰ পাৰত উক্ত গাঁওখন গঢ়ি তোলা হৈছে। উক্ত অঞ্চলখিনিত বহুদিনৰ পৰা চীনে তালাচি চকী বহাই ৰখাৰ অভিযোগ আছে।
আনহাতে কেৱল অৰুণাচল প্ৰদেশৰ ক্ষেত্ৰতে নহয়, চীনে তিব্বতৰ কেতবোৰ অশংতো দখলৰ চেষ্টা চলাই কুচকাৱাজ চলাই থকা বুলি মাৰ্কিন প্ৰতিবেদন কোৱা হৈছে।

উল্লেখযোগ্য যে মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা উক্ত চীনা গাঁওখনৰ তথ্য প্ৰথম ৰাষ্ট্ৰীয় সংবাদ মাধ্যম NDTV -এ পোহৰলৈ অনা দাবী কৰিছে। সংবাদ প্ৰতিষ্ঠানটোৰ মতে যোৱা জানুৱাৰী মাহত তেওঁ ছেটেলাইট ইমেজসহ উক্ত গাঁওখনৰ তথ্য প্ৰকাশ কৰিছিল।
লগতে পঢ়ক : তৈয়াৰ হ’ল ক’ভিডৰ প্ৰথমটো টেবলেট; বৃটেইনে জনালে অনুমোদন