নিউজ ডেস্ক : পুনৰ ক’ভিডৰ সংক্ৰমণে চীনত গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে দেশখনৰ ৪ নিযুত জনসংখ্যাৰ চহৰ লাঞ্জৌত লকডাউন ঘোষণা কৰা হৈছে।

চীনত নতুনকৈ ২৯ টা ক’ভিড পজিটিভ কেচ ধৰা পৰাৰ পিছতে দেশখনত এই সতৰ্কতা অৱলম্বন কৰা হৈছে। উক্ত ২৯ টা নতুন কেচৰ ৬ টা পজিটিভ কেচ চীনৰ উত্তৰ-পশ্চিমত অৱস্থিত লাঞ্জৌ চহৰত ধৰা পৰিছে।

লাঞ্জৌ চহৰৰ প্ৰশাসনে সদৰী কৰা মতে চহৰখনত বৰ্তমান জৰুৰীকালীন কামৰ বাহিৰে কাকো ঘৰৰ পৰা ওলাই যাবলৈ অনুমতি দিয়া হোৱা নাই। ইয়াৰ উপৰি চহৰখনত থকা সকলোবিলাক আৱাসিক এলেকাত প্ৰশাসনৰ ফালৰ পৰা কঠোৰ সতৰ্কতা অৱলম্বন কৰা হ’ব।

চীনত শেহতীয়াভাৱে ক’ভিডৰ নতুন কে’চ ধৰা পৰাৰ পিছতে দেশখনত পৰ্য্যতন স্থলীসমূহত বাধা-নিষেধ আৰোপ কৰা হয়।

যোৱা কিছুদিনত চীনত ক’ভিডৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। যোৱা এটা সপ্তাহত দেশখনত ১০০ জন লোক নতুনকৈ ক’ভিডত আক্ৰন্ত হৈছে।

দেশখনৰ স্বাস্থ্য বিষয়াসকলৰ মতে অনাগত দিনত অধিক হাৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক : গুৱাহাটী মহানগৰীৰ লোমহৰ্ষক হত্যাকান্ড সন্দৰ্ভত দুজনক আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply