নিউজ ডেস্কঃ চীনত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ। দুটা বছৰৰ পাছত চীনত পুনৰ এবাৰ কোৰোনাৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। চীনত দেওবাৰে (যোৱা ২৪ ঘন্টাত) নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ৩৩৯৩জন লোক।

যোৱা দুটা বছৰত এটা দিনত কোৰোনাত নতুনকৈ আক্ৰান্তৰ এয়াই সৰ্বাধিক সংখ্যা বৰ্তমানলৈ। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে কয়- ২০২০ৰ ফেব্ৰুৱাৰীৰ পাছত পুনৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে। সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ছাংঘাইৰ বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৪৪.৬৬ কোটিৰো অধিকলৈ বৃদ্ধি পাইছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৬০ লক্ষাধিক হৈছেগৈ। লক্ষণীয় যে, যোৱা এটা মাহতে সমগ্ৰ বিশ্বত ৫.২২ কোটি লোক কোভিড-১৯ত আক্ৰান্ত হৈছে আৰু ২ লাখৰো অধিক লোকে এই ভাইৰাছত হেৰুৱাইছে প্ৰাণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply