নিউজ ডেস্কঃ চীনত কোৰোনাৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাই গৈ আছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ছংঘাইত ল’কডাউন জাৰিৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হৈছে। চহৰখনৰ পূব দিশত বাস কৰা লোকসকলক বাসগৃহৰ বাহিৰত ওলাই নাহিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। তদুপৰি, সাধাৰণ ৰাইজক বাসগৃহৰ সমীপৰ কোনো মুকলি স্থানলৈ যোৱাত বাধা প্ৰদান কৰিছে চীন চৰকাৰে।

চীনৰ চৰকাৰী তথ্য অনুসৰি, মঙলবাৰে দেশখনত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৪৪৭৭ গৰাকী লোক। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছংঘাইৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়া য়ু কিয়ানিয়ুৱে মঙলবাৰে সাংবাদিক আগত কয় যে- ‘সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ ৰাইজক নিজৰ নিজৰ বাসগৃহতেই থাকিবলৈ কোৱা হৈছে। তেওঁলোকে কেৱল কোভিড টেষ্ট কৰিবলৈহে ঘৰৰ বাহিৰলৈ ওলাব পাৰিব।’

ইয়াৰ পূৰ্বে ছংঘাইত কিছু নিষেধাজ্ঞা প্ৰদান কৰা হৈছিল যদিও, নিজৰ বাসগৃহৰ চৌহদৰ ভিতৰত খোজকাঢ়িবলৈ বা আন কামৰ বাবে ওলাই আহিব পৰাকৈ শিথিলতা দিছিল চীন চৰকাৰে। কিন্তু কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিদিনাই তীব্ৰগতিত বৃদ্ধি পোৱাৰ পাছতেই চৰকাৰে শিথিলতা প্ৰত্যাহাৰ কৰি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। উল্লেখযোগ্য যে, যোৱা ১৫ মাৰ্চৰ পৰা ২৮ মাৰ্চৰ ভিতৰত চীনত কোৰোনাত আক্ৰান্ত হৈছে ২৮৩৮০ গৰাকী লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply