নিউজ ডেস্ক- মহাকাশত চীনে প্ৰত্যাহ্বান জনাবলৈ আমেৰিকাক চেষ্টা অব্যাহত ৰাখিছে। তাৰ মাজতে চীনে ঘোষণা কৰে এটা নতুন অভিযানৰ কথা।
এই নতুন মহাকাশ অভিযানটোত চীনে অসামৰিক লোকক মহাকাশচাৰী হিচাপে মহাকাশলৈ প্ৰেৰণ কৰিব। এই মহাকাশচাৰীজনক ‘চিভিলিয়ান এষ্ট্ৰ নাট’ হিচাপে অভিহিত কৰা হৈছে। মহাকাশত থকা চীনৰ টিয়াংগং মহাকাশ কেন্দ্ৰৰ চালক দলৰ সদস্য হিচাপে তেওঁক প্ৰেৰণ কৰা হ’ব। চীনা মহাকাশ গৱেষণা প্ৰতিষ্ঠানে এই কথা প্রকাশ কৰে।
উল্লেখ্য যে, এইটোৱেই হ’ব চীনৰ তৃতীয় প্ৰজন্মৰ মহাকাশ যাত্ৰীৰ বাবে প্ৰথমটো উৰণ। লগতে পৃথিৱীৰ পৰা মহাকাশলৈ যাবলৈ চীনৰ প্রথমজন অসামৰিক লোকে সুযোগ লাভ কৰিব।
ইয়াৰ পূর্বে চীনে মহাকাশলৈ পিপলছ লিবাৰেশ্বন আৰ্মীৰ অৰ্থাৎ চীনা সৈন্যৰ সদস্যকহে প্ৰেৰণ কৰি আহিছিল। মহাকাশলৈ যাবলগীয়া তিনিজন মহাকাশচাৰীৰ বিষয়ে চীনৰ স্পেচ এজেন্সীৰ মুখপাত্র লীন শ্বিকিয়াঙে সোমবাৰে প্ৰকাশ কৰে। তেওঁলোকৰ নাম ক্ৰমে গুই হাইচাও, জিং হেপেং আৰু ঝু য়াংঝু। ইয়াৰ ভিতৰত য়াংঝু হৈছে চিভিলিয়ান মহাকাশচাৰী।