নিউজ ডেস্কঃ চীনৰ হুবেইনৰ লাঅহেকুত বৃহস্পতিাৰে এখন বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাৰ ফলত কেইবাটাও বাসগৃহত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই বিমান দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাইছে।

ইফালে, দুজনকৈ লোক আহত হৈছে বিমান দুৰ্ঘটনাত। যোৱা প্ৰায় আঢ়ৈ মাহত এনেধৰণৰ এইটো তৃতীয়টো ঘটনা। হংকং স্থিত ছাউথ চাইনা মৰ্ণিং পোষ্টত উল্লেখ কৰা অনুসৰি এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়- ”চীনৰ জে-৭ যুঁজাৰু বিমানখন লাঅহেকু চহৰত দুৰ্ঘটনাগ্ৰস্ত হয়।

আনহাতে, এই দুৰ্ঘটনাত সামান্য আহত হৈছে যুঁজাৰু বিমানখনৰ পাইলট। ইতিমধ্যে দুৰ্ঘটনাস্থলিত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা আৰম্ভ কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা মাহত তিব্বত এয়াৰলাইনছৰ এখন যাত্ৰীবাহী বিমানো পতিত হৈছিল দুৰ্ঘটনাত। আৰু এই দুৰ্ঘটনাত প্ৰায় ৪০জনকৈ লোক আহত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply