নিউজ ডেস্কঃ আমেৰিকাই ভাৰতক সতৰ্ক কৰিছে যে- লাডাখত চীনা সেনা বাহিনীৰ গতিবিধি বৃদ্ধি পাইছে আৰু নিৰ্মাণ কাৰ্যও চলািছে যি ভাৰতৰ বাবেই বিপদ কঢ়িয়াই আনিব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আমেৰিকাৰ এগৰাকী জেনেৰেলে জনাইছে এই কথা।
আমেৰিকাৰ জেনেৰেল ছাৰ্লছ এ ফ্লিনে কয় যে- ”মোৰ মতে, চীনৰ এই গতিবিধিয়ে চকু কঁপালত তুলিব। চীনে ভাৰতৰ ভিতৰত প্ৰৱেশ কৰি পথ নিৰ্মাণ কৰি গৈ আছে। এয়া অতি বিপদজনক।”
উল্লেখযোগ্য যে, ভাৰত আৰু আমেৰিকাই যুটীয়াভাৱে যুদ্ধাভ্যাস কৰিব অক্টোবৰ মাহত। প্ৰায় ৯০০০-১০,০০০ ফুট উচ্চতাত এই যুদ্ধাভ্যাস কৰিব দুয়োখন দেশে। এই যুদ্ধাভ্যাসৰ উদ্দেশ্য হৈছে- ওখ স্থানত জটিলতকৈ জটিল মিছনৰ বাবে নিজৰ দেশৰ সেনা বাহিনীক সাজু কৰা।