নিউজ ডেস্কঃ দেশত কৰোনাই সংহাৰী ৰূপ ধাৰণ কৰিছে। মহামাৰী কৰোনাৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে ভেকচিনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
চৰকাৰ-প্ৰশাসনৰ ফালৰ জনসাধাৰণক ক্ষীপ্ৰতাৰে ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এই সময়তে দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীয়ে জনসাধাৰণৰ সহায়ৰ বাবে আগবাঢ়িছে। সাংবাদিক আৰু চিনেমা হলৰ কৰ্মচাৰীৰ বাবে বিনামূলীয়া ভেকচিনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে অভিনেতাগৰাকীয়ে।
ছচিয়েল মিডিয়াত অভিনেতাগৰাকীয়ে এই কথা উল্লেখ কৰি এটা ভিডিঅ’ পোষ্ট কৰে।
টুইটযোগে তেওঁ কয় যে তামিলনাডুৰ সকলো সাংবাদিক আৰু চিনেমা হল কৰ্মীক সম্পূৰ্ণ বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ’ব।
এইক্ষেত্ৰত তেওঁক সহযোগিতা কৰিব ‘কৰোনা ক্ৰাইচিছ চেৰিটি’ নামৰ এটা ন্যাসে। লকডাউনৰ সময়ত এই ন্যাস অসহায় দৰিদ্ৰ লোকসকলৰ কাষত থিয় দিবলৈ গঠন কৰা হৈছিল।
উল্লেখ্য, বিগত বৰ্ষৰ ক’ৰোনাকালীন পৰিস্থিতিত চিৰঞ্জীৱীয়ে বহুখিনি সহযোগ আগবঢ়াইছিল সাধাৰণ জনতাক।