নিউজ ডেস্কঃ কলকতা বিমানবন্দৰৰ সমীপৰ পৰা চি আই ডিয়ে অভিযান চলাই উদ্ধাৰ কৰিছে চাৰি টুকুৰা মূল্যবান তেজস্ক্ৰিয় ধাতু কেলিফৰ্নিয়াম।

উদ্ধাৰ কৰা কেলিফৰ্নিয়াম টুকুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ৪ হাজাৰ ২৫৮ কোটি ৫০ লাখ টকা।

লগতে চিআইডিয়ে হুগলি জিলাৰ সিংগুৰৰ বাসিন্দা শৈলেন কৰ্মকাৰ আৰু পুনান গাঁৱৰ বাসিন্দা অসিত ঘোষ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

বিশ্বৰ আটাইতকৈ মূল্যৱান সামগ্ৰীৰ ক্ষেত্ৰত কেলিফৰ্ণিয়াম ধাতু দ্বিতীয় স্থানত আছে।

ভাৰতীয় মুদ্ৰা অনুসৰি প্ৰতি গ্ৰাম কেলিফৰ্নিয়ামৰ মূল্য প্ৰায় ১৭ কোটি।

প্ৰতি গ্ৰাম বিশুদ্ধ কেলিফৰ্ণিয়ামৰ আন্তৰ্জাতিক বজাৰ মূল্য হৈছে নিম্নতম ২৭ নিযুত আমেৰিকান ডলাৰ। কেলিফৰ্ণিয়া হৈছে পাৰমাণৱিক বোমা তৈয়াৰ কৰাৰ অন্যতম সামগ্ৰী।

অভিযুক্ত দুজনে প্ৰায় ৪,২৫০ কোটি টকাৰ কেলিফৰ্ণিয়াৰ কঢ়িয়াই লৈ গৈছিল। চোৰাংচোৱাই আগতে গোপনে এই তথ্য লাভ কৰিছিল। তেওঁলোকে লোককেইজনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখে।

চিআইডিয়ে বুধবাৰে নিশা কলকাতা বিমানবন্দৰৰ কাষৰ গংগানগৰ অঞ্চলত অভিযান চলাই জব্দ কৰে মূল্যবান ধাতুখিনি।

লগতে পঢ়কঃমাতৃত্বৰ গৌৰৱ অৰ্জন অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ

গ্ৰেপ্তাৰ কৰা শৈলেন কৰ্মকাৰ আৰু অসিত ঘোষক বৃহস্পতিবাৰে বাৰেকপুৰ আদালতলৈ লৈ যোৱা হয়।

অভিযুক্ত কেইজনক ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ৪১১, ৩৪ আইপিচিধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে ।

প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে তেজস্ক্ৰিয় ধাতুখিনি কৰ্ণাটকৰ পৰা ৰেলযোগে কলকাতালৈ অনা হৈছিল। এই মূল্যৱান ধাতু মুখ্যতঃ সোণ, ৰূপকে ধৰি আন কেইবাটাও ধাতু আৰু তেল খনি চিনাক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

গতিকে চিআইডিয়ে পশ্চিম বংগৰ শিলিগুৰি কৰিডৰৰ জৰিয়তে চীনলৈ ধাতু চোৰাংকৈ সৰবৰাহ কৰাৰ সম্ভাৱনাক অগ্ৰাহ্য কৰা নাই। এই সন্দৰ্ভত জেৰা চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply