নিউজ ডেস্কঃ মণিপুৰত বলিছে এতিয়া নিৰ্বাচনী বতাহ। ৰাজ্যখনত ইতিমধ্যে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব সম্পন্ন হৈ গৈছে। আৰু সন্মুখত এতিয়া দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তাৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টী আৰু কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ মাজত সৃষ্টি হৈছে সংঘৰ্ষৰ।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ মতে, মণিপুৰৰ কাকচিং খুনৌওত নিশা প্ৰায় ১১ বজাত বিজেপি আৰু কংগ্ৰেছ কৰ্মকৰ্তাসকল মুখামুখি হয় আৰু তাৰপাছতে সংঘটিত হয় মাৰপিটৰ ঘটনা। এই হিংসাত্মক ঘটনাৰ সময়চোৱাত ১৩খনকৈ বাহন ভাঙি দিয়ে উত্তপ্ত একাংশ লোকে। ইয়াৰে ৮খন দুচকীয়া আৰু চাৰিচকীয়া বাহন ।

উল্লেখ্য যে, অহা ৫ মাৰ্চত হ’ব মণিপুৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ইয়াৰ পূৰ্বে ২৮ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ৭৮.০৩ শতাংশ ভোটদান সাব্যস্ত কৰে ভোটাৰ ৰাইজে। ৩৮টা সমষ্টিৰ ৰাইজে সাব্যস্ত কৰিছিল ভোটাধিকাৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply