নিউজ ডেস্কঃ ইৰাকৰ প্ৰভাৱশালী চিয়া ধৰ্মগুৰু Muqtada al-Sadr এ সোমবাৰে ৰাজনীতিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই অগ্নিগৰ্ভ হৈ উঠিল ইৰাণ। Muqtada al-Sadr ৰ শ শ সমৰ্থক তেওঁৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। al-Sadr ৰ সমৰ্থক আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা হিংসাত্মক সংঘৰ্ষত কমেও তিনিজন প্ৰতিবাদকাৰী নিহত হয়। ইফালে প্ৰতিবাদৰ সময়ত আৰক্ষীৰ গুলীচালনাত কমেও ১৫ জন প্ৰতিবাদকাৰী আহত হয়। এই ঘটনাৰ ফলস্বৰূপে, বাগদাদত কালি বোমা বিস্ফোৰণ আৰম্ভ হয়।

দেশখনত চৰম ৰাজনৈতিক অচলাৱস্থাৰ বাবে যোৱা কেইমাহমান ধৰি কোনো নতুন চৰকাৰ, প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি নিয়োগ কৰা হোৱা নাই। তত্বাৱধায়ক প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাধিমি অস্থায়ীভাৱে দায়িত্বত আছে। ইয়াৰ পিছতেই Muqtada al-Sadr ঘোষণাৰ ফলত ৰাজধানী বাগদাদ উত্তপ্ত হৈ পৰিছিল। প্ৰশাসনিক ভৱনৰ সেউজ অঞ্চলত সাতটা বোমা নিক্ষেপ কৰা হৈছিল। অৱশ্যে, ইয়াৰ আঁৰত কোন আছে সেয়া এতিয়াও স্পষ্ট নহয়। অৱশ্যে, সুৰক্ষা বাহিনীয়ে ইয়াৰ আঁৰত Muqtada al-Sadr সমৰ্থকসকল আছে বুলি দাবী কৰে।

ইতিমধ্যে দেশখনৰ এই পৰিস্থিতিৰ বাবে সমগ্ৰ দেশতে কাৰফিউ জাৰি কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ’ গুটেৰেছে দুয়ো পক্ষক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, ধৰ্মগুৰু Muqtada al-Sadr এ টুইটযোগে ৰাজনীতিৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ লগতে তেওঁৰ দলৰ কাৰ্যালয়সমূহ বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। কেৱল ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰতিষ্ঠানসমূহ মুকলি থাকিব বুলি উল্লেখ কৰে। ইৰাকৰ কাৰ্যকৰী প্ৰধানমন্ত্ৰী মুস্তাফা আল-কাধিমীয়ে দাবী কৰিছিল যে Muqtada al-Sadr এ তেওঁৰ সমৰ্থকসকলক চৰকাৰী প্ৰতিষ্ঠান প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। তেওঁ কেবিনেট বৈঠক স্থগিত ৰখাৰ কথাও ঘোষণা কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply