দীপক কুমাৰ দাস : মানৱসৃষ্ট কাৰকৰ বাবেই আজি পৃথিৱী অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে। মানৱ জাতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। গোলকীয় উষ্ণতা বৃদ্ধি পাইছে আৰু জলবায়ু পৰিবৰ্তনৰ কৱলত পৰিছে পৃথিৱী।ধাৰণাতকৈ অধিক বৃদ্ধি পাইছে গোলকীয় উষ্ণতা। বিশ্বৰ প্ৰান্তে প্ৰান্তে তাপমাত্ৰাই অভিলেখ গঢ়ি আছে।তেনেদৰে শীতৰ প্ৰকোপ বাঢ়িছে।
কানাডাত তাপমাত্ৰাই সকলো অভিলেখ ভংগ কৰিছে।
জুনৰ শেহতীয়াকৈ আৰু জুলাইৰ প্ৰাৰম্ভতে ৪৯.৬ডিগ্ৰী চেলচিয়াছ লৈকে বৃদ্ধি পাইছিল। পৰিণতিত মানৱ সম্পদ আৰু জীৱ জগতত অস্তিত্বৰ স্ংকট নমাই আনে। প্ৰচণ্ড তাপমাত্ৰাৰ পৰা ৰক্ষা পাবলৈ নাগৰিকসকলে নদীৰ পানীত আশ্ৰয় লবলগীয়া হয়। চৰকাৰে জনগণৰ কায়ণে শীত তাপ নিয়ন্ত্ৰিত কোঠাৰ ব্যৱস্থা কৰে। ইয়াৰ মাজতেই দেশখনৰ ব্ৰিটিছ কলোম্বিয়া,ভানকুভেৰকে ধৰি বিভিন্ন প্ৰদেশত প্ৰায় হাজাৰ লোকৰ প্ৰাণহানি হয়।
অনেকজন চিকিৎসাত ভৰ্তি হবলগীয়াত পৰে।গৰমৰ বাবেই মানৱ সম্পদৰ হানি বিশ্বজুৰি চৰ্চিত হৈ পৰে । সকলোৱে এই অকাল দুৰ্ভাগ্য জনক মৃত্যুৰ বাবেই শোকাকিভূত হয়। কিন্তু ইয়াৰ মাজতে আন এক বেদনাদায়ক ঘটনা ঘটিছে।যিটো অতি মৰ্মান্তিক।তাপ প্ৰবাহৰ ফলত জৈৱ বৈচিত্ৰতাত প্ৰচন্দ আঘাত পৰে। প্ৰাৰম্ভিক অনুসন্ধান মতে তাপপ্ৰবাহৰ বাবেই ১০০ কোটি সাগৰীয় জীৱৰ মৃত্যু ঘটিছে।
কানাডাৰ ইতিহাসত সবাতোকৈ বিপজ্জনক প্ৰাকৃতিক দুৰ্যোগত ১০০কোটি সাগৰীয় প্ৰাণী দাহ গৈছে। ব্ৰিটিছ কলোম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে এই ভয়ানক তথ্য প্ৰকাশ কৰিছে। সাগৰীয় জৈৱ বিজ্ঞানী ক্ৰিছ হাৰ্লিয়ে প্ৰকাশ কৰা মতে ভানকুভেৰৰ সাগৰ তীৰত খোজ কাঢ়ি থাকোতে ষ্টাৰ ফিছ,মাছেলছ,স্নেইনছ আদি মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। সাগৰৰ তীৰত য’ত তত মৃত প্ৰাণী পৰি থকা দেখা পায়।

মৃত জীৱৰ প্ৰাণী বোৰ তাপ মাত্ৰাৰ পৰা ৰক্ষা পাবলৈ চেষ্টা চলাইছিল যেন অনুভৱ হয়। কিয়নো অধিক সংখ্যক জীৱই মাটিৰ তলত পোত খাই আছিল।উল্লেখ্য যে সাগৰীয় প্ৰাণী বোৰ জীয়াই থাকিব পাৰে এক নিৰ্দিষ্ট তাপমাত্ৰাৰ ভিতৰত । তাপমাত্ৰাৰ তাৰতম্য ঘটিলে বিপদ আহি পৰে।
পৰিবেশৰ লগত খাপ খুৱাই সৃষ্টি কৰা হৈছে। পৰিবেশ পৰিবৰ্তন হ’লে বিপদ নামি আহে। জৈৱ বিজ্ঞানী হাৰ্লিয়ে প্ৰকাশ কৰা মতে মানৱ সৃষ্ট সেউজ গৃহ গেছ নিৰ্গমন আৰু গোলকীয় উষ্ণতাই আমাৰ বাসস্হান গ্ৰহটিৰ পৰিবেশ বিনষ্ট কৰি আছে। ইয়াৰ বাবেই পৃথিৱীত অনাহুত প্ৰাকৃতিক পৰিবৰ্তন আহিছে।
যাৰ পৰিণতি কানাডাৰ দুৰ্যোগ।মানৱ জাতি সজাগ সচেতন নহ’লে, পৃথিৱী জীৱৰ বাসোপযোগী হৈ যে থাকিব।তাত সন্দেহ আছে।উনুকিয়াও যে ম’নাছ বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্ৰকাশ পাইছে প্ৰচন্দ তাপমাত্ৰাৰ ফলত বছৰি ৫০লাখ লোকৰ মৃত্যু ঘটিব।
লগতে পঢ়ক প্ৰথম অসমীয়া লাভলীনা বৰগোঁহাইক লৈ কিমান সচেতন আমাৰ ক্ৰীড়াপ্ৰেমী