নিউজ ডেস্কঃ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডি দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ। নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা ১৩ বছৰীয়া পুৰণি এক গোচৰত বিশেষ আদালতত হাজিৰ হ’বলৈ সোমবাৰে ঝাৰখণ্ডৰ পালামুৰ জিলাৰ উপস্থিত হৈছিল ৭৩বছৰীয়া লালু প্ৰসাদ যাদৱ। লালু প্ৰসাদে পালামুৰ জিলাৰ সদৰ মেদিনীনগৰৰ চাৰ্কিট হাউচত নিশা কটাইছিল ।

মঙলবাৰে পুৱা চাৰ্কিট হাউচত ব্ৰেকফাষ্ট কৰি থকাৰ সময়তে লালু প্ৰসাদ যাদৱৰ ৰুমৰ ফেনত হঠাৎ  অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ জুই কোঠাৰ আন অংশলৈ বিয়পি পৰে। তৎক্ষণাত তাত উপস্থিত থকা কৰ্মচাৰী সকলে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি লালু প্ৰসাদক ৰুমৰ পৰা উদ্ধাৰ কৰে। লগে লগে কৰ্মচাৰী সকলে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে। চৰ্টচাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে জনাইছে। এই ঘটনাত অৱশ্যে কোনো লোক হতাহত হোৱা নাই ।

উল্লেখ্য যে, পশুখাদ্য কেলেংকাৰী গোচৰত লালু প্ৰসাদ যাদৱক আন ৪ টা গোচৰতো দোষী সাব্যস্ত কৰি আদালতে ১৪ বছৰ কাৰাদণ্ড বিহিছিল। কিন্তু পূৰ্বৰ চাৰিওতা গোচৰত জামিন লাভ কৰিছিল লালু প্ৰসাদ যাদৱে। যোৱা ফেব্ৰুৱাৰীত ৰাঁচিৰ এখন বিশেষ চিবিআই আদালতে উক্ত কেলেংকাৰীৰ পঞ্চম তথা অন্তিমটো গোচৰত লালুক পুনৰ দোষী সাব্যস্ত কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply