নিউজ ডেস্কঃ উত্তৰাখণ্ডত মুষলধাৰ বৰষুণৰ মাজতে ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ডেৰাডুন জিলাৰ চাক্ৰাতাৰ বিৰনাদ অঞ্চলত বৃহস্পতিবাৰে সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণত মৃত্যু হয় এজনৰ আৰু সন্ধানহীন ৪জনৰ।
এই প্ৰাকৃতিক দুৰ্যোগত কেইবাগৰাকীয়ো লোকৰ লগতে বহু পশু-পক্ষীয়ো সন্ধানহীন হৈ আছে।
এছ ডি আৰ এফে অভিযান চলাই এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে।
বতৰ বিজ্ঞানে বিগত ২৪ ঘন্টাৰ বাবে প্ৰৱল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।
মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলনৰ ফলত ঋষিকেশ,বদ্ৰীনাথ ,কৌডীৱালা আৰু ব্য়াসীত ঘাইপথ বন্ধ হৈ পৰিছে।
চামলি, তেহৰী, নাইনিতাল, ৰূদ্ৰপ্ৰয়াগ, উত্তৰকাশী , পিথুৰাগড় জিলাত বতৰ বিজ্ঞানে ১৮-২৪ঘন্টা লৈকে প্ৰচণ্ড ধুমুহা-বৰষুণ অব্য়াহত থাকিব বুলি জনাইছে।
আৰু পঢ়কঃত্ৰিপুৰাৰ খেতিয়কৰ সাফল্য! ডুবাইৰ পিছত এইবাৰ ইংলেণ্ডলৈ ৰপ্তানি ত্ৰিপুৰাৰ কঁঠাল