নিউজ ডেস্কঃ ভগৱান শ্ৰী কৃষ্ণৰ জন্মভূমি মথুৰাত এতিয়াৰ পৰা কোনেও বিক্ৰী কৰিব নোৱাৰিব সুৰা আৰু মাংস। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত‍্য নাথে এই নিষেধাজ্ঞা জাৰি কৰিছে।

ৰামলীলা ময়দানত অনুষ্ঠিত ভগৱান কৃষ্ণৰ জন্ম জয়ন্তীত অংশ ল’বলৈ মথুৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী যোগীয়ে কয় যে মথুৰাত সুৰা আৰু মাংস ব্যৱসায় কৰাটো সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। এই ব্যৱসায়ৰ লগত জড়িত লোক সকলক মথুৰাত গাখীৰৰ ষ্টল বনাই দিয়া হ’ব।

লগতে পঢ়কঃপুনৰ ভাৰতত ২৪ ঘন্টাত ক’ভিড আক্রান্তৰ সংখ্যা ৪০ হাজাৰতকৈ অধিক

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আমাৰ উদ্দেশ্য কাকো ধ্বংস কৰাটো নহয়।লক্ষ্য এটাই প্ৰণালী তথা সুশৃংখলভাৱে এই পবিত্ৰ স্থানবোৰ এই দিশত আগুৱাই নিয়াটো।

ব্ৰজ ভূমিক নতুন উৎসাহেৰে পুনৰ উন্নয়নৰ দিশলৈ আগুৱাই লৈ যাব লাগিব।আধ্যাত্মিক আৰু সাংস্কৃতিক বিকাশৰ মাজেৰে আমাৰ ঐতিহ্য সমূহ বিকাশ কৰাটোৱেই আমাৰ লক্ষ্য হোৱা উচিত। আমি ইয়াক সংৰক্ষণ কৰিব লাগিব।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ব্ৰজৰ উন্নয়নত কোনো বাধা নাথাকিব। ধনৰ অভাৱো নাথাকিব। মথুৰাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰস্তুত কৰি তোলা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply