নিউজ ডেস্ক : নাগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতাৰ আইন প্ৰত্যাহাৰৰ দাবী তুলিছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’য়ে। সোমবাৰে মুখ্য মন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগে AFSPA প্ৰত্যাহাৰৰ দাবী জনায়।

ইয়াৰ পূৰ্বে সাংবাদিকৰ আগত নেফিউ ৰিঅ’য়ে গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰা বুলি উল্লেখ কৰি কয়, ”আমি সদায় AFSPA প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাই আহিছো। এখন গণতান্ত্ৰিক দেশ হিচাপে ভাৰতৰ পৰা এই কঠোৰ আইনখন প্ৰত্যাহাৰ কৰা উচিত। এই আইনখনে আমাৰ ভাবমূৰ্তি নষ্ট কৰিছে।”

আনহাতে ঘটনা সন্দৰ্ভত নাগালেণ্ড আৰক্ষীয়ে আছাম ৰাইফলছৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা নং ৩০২, ৩০৭ আৰু ৩৪ অধীনত মন জিলাৰ তিজিত থানাত ২৭/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে।

এজাহাৰখনত স্পষ্ট ভাষাত কোৱা হৈছে যে, নিৰিহ শ্ৰমিক সকল বলেৰ’ পিকআপ বাহনখনত কৰ্মস্থলীৰ পৰা উভতাৰ পথত বিয়লি প্ৰায় ৩-৩০ বজাত অপ্ৰৰোচিতভাৱে আছাম ৰাইফলছৰ দলটোৱে নিৰ্বিচাৰে গুলীচালনা কৰে। চৰকাৰী অভিযানত গ’লে অৰ্ধসামৰিক অথবা সামৰিক বাহিনীৰ লোকে আৰক্ষীক অৱগত কৰাৰ উপৰিও লগত তেওঁলোকেৰ বিষয়া লৈ যাব লাগে যদিও শনিবাৰে আছাম ৰাইফলছৰ দলটোৱে এই নীতি-নিয়ম সম্পূৰ্ণৰূপে উলংঘা কৰা বুলি এজাহাৰখনত উল্লেখ কৰা হয়।

বৰ্তমান নাগালেণ্ডৰ মন জিলাত ১৪৪ ধাৰা জাৰি কৰাৰ উপৰি জিলাখনত সেনাৰ সঞ্চালন সাময়িকভাৱে স্থগিত ৰখা হৈছে। তিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়নে সোমবাৰে ৰাজ্যখনত ১২ ঘণ্টীয়া বন্ধ ঘোষণা কৰিছে।

ইতিমধ্যে নিৰীহ লোকৰ হত্যাৰ তদন্তৰ বাবে নাগালেণ্ড আৰক্ষীৰ মহা পৰিদৰ্শক এল জামিৰৰ নেতৃত্বত এখন বিশেষ তদন্ত সমিতি গঠন কৰা হৈছে। আইন-শৃংখলাৰ ADGP সন্দীপ এম টামগাড়েৰ তত্ত্বাৱধানত পৰ্যবেক্ষণ কৰা হ’ব এই তদন্ত, এমাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে নাগালেণ্ড চৰকাৰে।

মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’য়ে জনোৱা মতে সেনাৰ গুলীত নিহত লোকৰ পৰিয়ালক কেন্দ্ৰ চৰকাৰে ১১ লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱাৰ উপৰি আহতসকলক ১ লাখ টকা প্ৰদান কৰিব ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ দ্বাৰা নিহতৰ পৰিয়ালক ৫ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকা আগবঢ়োৱা হ’ব।

লগতে পঢ়ক : সেনাৰ ভুৱা আক্ৰমণত নিহত সকলৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতো উঠিল সেনাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply