নিউজ ডেস্ক: যিসময়ত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দেশৰ জনতাক জ্বলা-ক’লা খুৱাইছে তাৰ মাজতে সাধাৰণ লোকৰ মূৰত আন এক বোজা জাপি দি দেশত পুনৰ দাম বৃদ্ধি কৰা হৈছে বাণিজ্যিক ৰন্ধন গে’ছৰ।
শুকুৰবাৰৰ পৰা ৰাজধানী দিল্লীত ১৯ কেজি ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ দাম ২৫০ টকা বৃদ্ধি কৰা হ’ল। সেই হিচাপত আজিৰ পৰা দিল্লীত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম হ’ব ২,২৫৩ টকা।
আনহাতে একেটা চিলিণ্ডাৰৰ দাম কলিকতাত ২,৩৫১ টকা, মুম্বাইত ২,২০৫ টকা আৰু চেন্নাইত ২,৪০৬ টকা হ’ব।
উল্লেখযোগ্য যে ইয়াৰ আগতে মাত্ৰ এমাহ পূৰ্বে এটা ১৯ কেজি ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১০৫ টকা বৃদ্ধি কৰা হৈছিল।
অৱশ্যে এইবাৰ ঘৰুৱা ৰন্ধন গেছৰ দাম কৰা হোৱা নাই। যোৱা ২২ মাৰ্চত ১৪.২ কেজি ওজনৰ ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ ৫০ টকা দাম বৃদ্ধি কৰা হৈছিল।
লগতে পঢ়ক – ৰাজ্যসভা নিৰ্বাচনত জয়ী হ’ল শাসকীয় গোটৰ দুই প্ৰাৰ্থী পবিত্ৰ আৰু ৰণগৌড়া