নিউজ ডেস্কঃ নগ্ন ফটোশ্বুট কৰি এতিয়া বিপদত পৰিছে ৰণবীৰ সিং। বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীৰ বিৰুদ্ধে দাখিল কৰা হৈছে FIR। এখন মেগাজিনৰ বাবে নগ্ন ফটোশ্বুট কৰাৰ পাছত এটা বেচৰকাৰী সংস্থাই চেম্বুৰ আৰক্ষী থানাত ৰণবীৰ সিঙৰ বিৰুদ্ধে দাখিল কৰিছে এই FIR।
অভিনেতাগৰাকীৰ বিৰুদ্ধে আইপিচি ধাৰা ২৯২, ২৯৩ আৰু ৫০৯ অধীনত দাখিল কৰা হৈছে এফআইআৰ। তদুপৰি ৰণবীৰৰ বিৰুদ্ধে আইটি এক্টৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
জানিব পৰা মতে, শ্য়াম মংগাৰাম ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৰ একাংশ প্ৰতিনিধিয়ে মুম্বাইৰ চেম্বুৰ আৰক্ষী থানাত দাখিল কৰিছে FIR।
FIRত কি কোৱা হৈছে
ৰণবীৰ সিঙৰ বিৰুদ্ধে দাখিল কৰা FIRত লিখা হৈছে ‘আমি যোৱা ৬ বছৰে শিশু আৰু বিধৱা মহিলাসকলৰ ভৱিষ্যতৰ বাবে কাম কৰি আহিছো। যোৱা সপ্তাহত বলিউডৰ অভিনেতা ৰণবীৰ সিঙৰ কেইবাখনো নগ্ন ফটো ভাইৰেল হোৱা আমাৰ দৃষ্টিগোচৰ হৈছিল। যিধৰণে ফটো কেইখন তোলা হৈছে, সেয়া দেখিলে যিকোনো পুৰুষ বা মহিলা লজ্জিত হ’ব।’
ফটোশ্বুট কৰি বিতৰ্কত ৰণবীৰ সিং
মেগাজিনখনৰ বাবে নগ্ন ফটোশ্বুট কৰাৰ পাছত ফটো কেইখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তাৰপাছতে বহু লোকে অভিনেতাগৰাকীক তীব্ৰ সমালোচনা কৰিছে। অৱশ্যে একাংশ তাৰকাই তেওঁক সমৰ্থনো জনাইছে।
পেপাৰ মেগাজিনৰ বাবে কৰিছিল ফটোশ্বুট
বলিউডৰ অভিনেতা ৰণবীৰ সিঙে পেপাৰ মেগাজিনৰ বাবে কৰিছিল এই ফটোশ্বুট। ইয়াৰে কেইখনমান ফটো ৰণবীৰ সিঙে নিজৰ ইনষ্টাগ্ৰাম একাউন্টতো শ্বেয়াৰ কৰিছিল। ফটো কেইখন শ্বেয়াৰ কৰাৰ পাছতে অভিনেতাগৰাকী বিতৰ্কিত সোমায় পৰে।