নিউজ ডেস্কঃ নব্বৈ দশকৰ বলীউদৰ জনপ্ৰিয় সংগীত পৰিচালক শ্ৰাৱণ ৰাথোড়ৰ দেহাৱসান।

কৰোণাত আক্ৰান্ত হৈ বৃহস্পতিবাৰে নিশা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ।

বলীউদত নাদিম -শ্ৰাৱণ যুটীয়ে অসংখ্য জনপ্ৰিয় গীতৰ সংগীত পৰিচালনা কৰিছিল।

কেইবাখনো চলচ্চিত্ৰৰ বহু হিট গান শ্ৰুোতা-দৰ্শকক উপহাৰ দিছিল এই জনপ্ৰিয় যুটীয়ে।

কুম্ভমেলাৰ পৰাৰ উভতি অহাৰ পিছতেই সংগীত পৰিচালকজনৰ লগতে পত্নী আৰু দুই পুত্ৰ আক্ৰান্ত হৈছিল কৰোনাত।

সোমবাৰে মুম্বাইৰ এছ.এল. ৰহেজা চিকিৎসালয়ত সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছিল সংগীত পৰিচালকজনক।

শ্ৰাৱণ ৰাথোড়ে হৃদৰোগ আৰু মধুমেহ ৰোগতো আক্ৰান্ত হৈ আছিল। অৱশেষত কৰোণাত হাৰ মানি মৃত্যুবৰণ কৰে সংগীত পৰিচালক জনে।

শ্ৰাৱণ ৰাথোড়ৰ পুত্ৰ সঞ্জীৱ ৰাথোড়কো ইতিমধ্যে হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

জনপ্ৰিয় সংগীতপৰিচালক জনৰ মৃত্যুত শোক প্ৰকাশ কৰি অভিনেতা অক্ষয় কুমাৰে টুইট কৰে এইদৰে-

লগতে বহুকেইগৰাকী বলীউদৰ শিল্পীয়ে টুইটযোগে শোক বাৰ্তা প্ৰকাশ কৰে-

উল্লেখ্য যে, নাদিম -শ্ৰাৱণৰ এই যুটীৰ সংগীতত কণ্ঠদান কৰিয়েই কুমাৰ চানু উদিত নাৰায়ন, অনুৰাধা পাড়োৱাল, আলকা য়াগনিক আদি জনপ্ৰিয় হৈছিল।

শ্ৰাৱণ ৰাথোড়ৰ মৃত্যুত সমগ্ৰ বলাউদতে শোকৰ ছাঁ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply